কলিয়াবৰ : কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ। প্ৰকাণ্ড অজগৰ সাপ ডালক চাবলৈ ভিৰ বহু লোকৰ। চাহ বাগিচাত উদ্ধাৰ সাপ ডাল। চাহ বাগিচাৰ একাংশ লোকে সাপ ডাল প্ৰত্যক্ষ কৰি খবৰ দিয়ে সর্পবন্ধু সঞ্জীৱ ডেকাক।
শুকুৰবাৰে পুৱাৰ ভাগত কলিয়াবৰত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। সোনাৰী চাহ বাগিচাত উদ্ধাৰ হয় সাপ ডাল। চাহ বাগিচাখনৰ একাংশ লোকে প্ৰকাণ্ড অজগৰ সাপ ডালক প্ৰত্যক্ষ কৰি সর্পবন্ধু সঞ্জীৱ ডেকাক খবৰ দিয়ে।
লগতে পঢ়ক – চলিত বৰ্ষত অসমত বান, ভূমিস্খলনত ৬৩টি শিশুৱে হেৰোৱালে প্ৰাণ
সর্পবন্ধু সঞ্জীৱ ডেকা চাহ বাগিচাখনত উপস্থিত হৈ অজগৰ সাপ ডালক উদ্ধাৰ কৰে। ১৪ ফুট দৈঘৰ প্ৰকাণ্ড অজগৰ সাপ ডালৰ ওজন ৫৫ কেজি বুলি জানিব পৰা গৈছে। অজগৰ সাপ ডালক শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।