জোৰশিমুলী : দক্ষিণ কামৰূপৰ জোৰশিমুলীত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পাষণ্ড স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে ন-পত্নীক৷ জেছমিনা খাতুনক স্বামী পৰিয়ালৰ লোকে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

মহানগৰী গুৱাহাটীৰ হাতীগাঁৱৰ চাঞ্চল্যকৰ ইমাম হত্যাকাণ্ডৰ হত্যাকাৰী তথা কুখ্যাত ডকাইত ছবুৰ আলীক জোৰশিমুলী গছপোতা গাঁৱৰ পৰা আটক কৰাৰ চাঞ্চল্যৰ ঘটনাৰ পিছতে গাঁওখনত আন এক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। স্বামীয়ে ডিঙি চেপি পত্নীক হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে গছপোতা গাঁৱত।

ইতিমধ্যে জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই অভিযান চলাই হত্যকাৰী স্বামীসহ ঘটনাৰ লগত জড়িত থাকৰ অভিযোগত স্বামী পৰিয়ালৰ কেইবাজনো লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে পত্নী জেছমিনা খাতুনক হত্যা কৰি পলায়ন কৰিছিল হত্যাকাৰী স্বামী হাবিজুৰ হক।

লগতে পঢ়ক –  বিশেষ ভাৱে সক্ষম যুৱতীক বলাৎকাৰ: আটক দুই যুৱক

অৱশ্যে জোৰশিমুলী আৰক্ষীয়ে চলোৱা অভিযানত নিশাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰী স্বামী হাবিজুৰ হকক৷ মাত্ৰ ৮ মাহ পুৰ্বে বিবাহপাশত আৱদ্ধ হোৱা জেছমিনা খাতুনক অতি নৃশংসভাৱে স্বামীয়ে হত্যা কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply