নিউজ ডেস্ক: ১০৫ কোটি টকীয়া কেলেংকাৰীত নাম সাঙোৰ খাইছে তদানীত্বন ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ(SCERT) কাৰ্যবাহী তথা সঞ্চালক শেৱালী দেৱী শৰ্মা। ইতিমধ্যে এই বিয়াগোম কেলেংকাৰীত জড়িত IAS বিষয়া শেৱালী দেৱী শৰ্মাৰ লগতে আন ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আন ৩জন লোক ক্ৰমে জোঁৱায়েক অজিত পাল সিং, বন্ধু আমিন আৰু ঘৰুৱা সহায়ক মাজনী কাইথা।

অভিযুক্ত চাৰিওজনকে ৰাজস্থানৰ আজমীৰৰ ক্ৰছলেণ্ড হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে স্থানীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ’ব। তাৰপিছতে ট্ৰেনজিত ৰিমাণ্ডত তেওঁলোকক গুৱাহাটীলৈ অনা হ’ব।

উল্লেখ্য যে নিলম্বিত IAS বিষয়া শেৱালী দেৱী শৰ্মাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই এই বৃহৎ পুঁজি আত্মসাতৰ গোচৰৰ সন্দৰ্ভত যোৱা ১১ এপ্ৰিলত জেৰা কৰিছিল।

পেছাত ঠিকাদাৰ জোঁৱাই অজিত পাল সিঙৰ সৈতে শেৱালী শৰ্মাই ৱৰ্ক অৰ্ডাৰ দেখুৱাই ১০৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পূৰ্বে অসম চৰকাৰে IAS বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি, আৰ্থিক বিসংগতি আৰু পুঁজিৰ অপব্যৱহাৰৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষি বিভাগৰ সচিব পদৰ পৰাও নিলম্বন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply