নগাঁও : পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত হৈছে শিশু কন্যা ধর্ষণকাৰী ইদ্ৰিছ আলী। ৭০ বছৰীয়া ইদ্ৰিছ আলী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰে।

বটদ্ৰবা আৰক্ষীৰ গুলীত আহত হৈছে ইদ্ৰিছ আলী নামৰ এজন ৭০ বছৰীয়া বৃদ্ধ। ইদ্ৰিছ আলীয়ে এগৰাকী ৪ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰিছিল। যোৱা ১৯ এপ্ৰিলত চকলেট দিয়াৰ প্ৰলোভন দেখুৱাই ইদ্ৰিছ আলীয়ে কন্যা শিশুটিক ধর্ষণ কৰিছিল।

ধর্ষণকাণ্ড সংঘটিত কৰি ইদ্ৰিছ আলী আলী পলায়ন কৰিছিল। অৱশেষত আৰক্ষীয়ে অভিযান চলাই পুঠিমাৰী গাঁৱত আত্মগোপন কৰি থকা ইদ্ৰিছ আলীক গ্ৰেপ্তাৰ কৰে। নিশা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ইদ্ৰিছ আলীক গুলী চালনা কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক – বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে

আৰক্ষীৰ গুলীত আহত ইদ্ৰিছ আলীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে ধুবুৰী জিলাৰ আগমণিত আন এটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। প্ৰাক্তন আলফা সদস্যক গুলীয়াই অহাত কৰা বাহাৰুল ইছলাম নামৰ এজন আৰক্ষীৰ গুলীত আহত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply