নিউজ ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে শুকুৰবাৰে লাহোৰ উচ্চ ন্যায়ালয়ত হাজিৰ হৈছিল আৰু জ্যেষ্ঠ সেনা বিষয়াসকলৰ বিৰুদ্ধে অনুপযুক্ত ভাষা ব্যৱহাৰ সম্পৰ্কীয় এটা গোচৰত অগ্ৰিম জামিন পাবলৈ সক্ষম হয়।

উল্লেখ্য যে, এক ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে জ্যেষ্ঠ সামৰিক বাহিনীৰ (আন্তঃ-সেৱা চোৰাংচোৱা) বিষয়াসকলৰ বিৰুদ্ধে অনুপযুক্ত ভাষা ব্যৱহাৰ কৰিছিল। যাৰ বাবে ইছলামাবাদ আৰক্ষীয়ে ৬ এপ্ৰিলত পাকিস্তান তেহরিক-ই-ইনচাফ ৰ মুৰব্বীৰ ইমৰাণ খানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল।

উচ্চ ন্যায়ালয়ে ইমৰানক জামিন প্ৰদান কৰাৰ সময়ত তেওঁক সকাহৰ বাবে ইছলামাবাদৰ সংশ্লিষ্ট আদালতৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ইছলামাবাদৰ এখন আদালতে ১১ এপ্ৰিলত তোশখানা গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক মাতি পঠিয়াইছিল। নিউজ ইণ্টাৰনেচনেলে প্ৰতিবেদনৰ মতে, ইছলামাবাদ আদালতৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে তোশখানা গোচৰৰ জৰুৰী শুনানি বিচাৰি এখন আবেদনৰ ওপৰত চমন জাৰি কৰিছিল।

লগতে পঢ়ক – প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে তেওঁৰ চৰকাৰী বাসভৱন খালী কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply