নিউজ ডেস্ক: পাকিস্তানত নিষিদ্ধ হ’ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফ পাকিস্তান চমুকৈ পিটিআই। খোদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই আশংকা প্ৰকাশ কৰাৰ পাছতে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে মন্তব্য কৰিছে।
বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয় যে “ইমৰাণৰ দল তেহৰিক-ই-ইনছাফ পাকিস্তান নিষিদ্ধ কৰাৰ চিন্তা চলি আছে। দেশৰ বুকুত আঘাত হানিছে পিটিআইয়ে। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।”
লক্ষ্যণীয় কথা এয়ে যে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত কাৰ্যতঃ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়েও দাবী কৰে যে তেওঁৰ দল পিটিআই নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ চলিছে।
শেহতীয়াকৈ ইমৰাণ খানে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “প্ৰায় ৭ হাজাৰ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ আঁৰত কোন আছে তদন্ত নকৰাকৈয়ে আমাৰ সমৰ্থক, নেতৃত্ব আৰু মহিলাসকলক জেলত ভৰোৱা হৈছে। আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ।”
তেওঁ লগতে লিখিছে, “ইয়াৰ মাজতে আমাৰ নিৰাপত্তা সংস্থাৰ সহায়ত দুৰ্বত্তবোৰে উচ্চতম ন্যায়ালয়ৰ দায়িত্ব লৈছে। এইদৰে দেশ সংবিধান ধ্বংস কৰা হৈছে। এবাৰ এনেকুৱা হ’লেই আমাৰ পাকিস্তানৰ সপোন শেষ হৈ যাব।”