নিউজ ডেস্ক: প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জাননী জাৰী কৰিছে যে অহা বছৰ গণৰাজ্য দিৱসৰ পেৰেডত কেৱল মহিলা বেণ্ডহে থাকিব। কতৰ্ব্য পথত অনুষ্ঠিত হবলগীয়া কুচকাৱাজত কেৱল মহিলা বাহিনীসমূহৰ অংশগ্ৰহনৰ প্ৰস্তাৱ এটা কৰ্তৃপক্ষসমূহে বিবেচনা কৰি আছে।

এই সন্দৰ্ভত প্ৰতিৰক্ষা সচিবৰ সৈতে ফেব্ৰুৱাৰীৰ আগভাগত এখন সভা অনুষ্ঠিত কৰি বিষয়টো আলোচনা কৰা হয়। তাৰ পাছত ২০২৪ চনৰ পেৰেডৰ বাবে কৰা পৰিকল্পনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে মাৰ্চত তিনিওটা বাহিনী ,বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগলৈ এখন চৰকাৰী জাননী প্ৰেৰণ কৰে।

ইয়াৰ পাছত সিন্ধান্ত কৰা হয় যে গণৰাজ্য দিৱসৰ পেৰেডত কেৱল মহিলা অংশগ্ৰহনকাৰী সকলেহে (মাৰ্চিং এণ্ড বেণ্ড) থাকিব। প্ৰতীক পদ আৰু আন কাৰ্যসূচীসমুহতো কেৱল মহিলাহে থাকিব।

উল্লেখ্যযোগ্য যে যোৱা কেইবছৰমানত ৰাজপথত অনুষ্ঠিত বাৰ্ষিক পেৰেডত কেৱল মহিলা থকা কন্টিনজেন্টেহে আৰু মহিলা বিষয়াসকলে পুৰুষ থকা সামৰিক কন্টিনজেন্টেছবিলাকত যোগদান কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply