নিউজ ডেস্ক- আজি কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত উপস্থিত হয়। তাত উপস্থিত হয় কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইঞ্চিয়নত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাটছুগু আছাকাৱাৰ সৈতে দ্বিপাক্ষিক বিষয়ত আলোচনাত মিলিত হয়।
উল্লেখ্য যে, এডিবিৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকৰ মাজতে সীতাৰমণ আৰু আছাকাৱাৰ মাজত এই আলোচনা অনুষ্ঠিত হয়। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীয়ে এডিবিৰ সভাপতিক অধিক ৰেহাইমূলক জলবায়ু বিত্তৰ দ্বাৰা ভাৰতক সমৰ্থন কৰিবলৈ আহ্বান জনায়। ইয়াৰ দ্বাৰা আঞ্চলিক আৰু বিশ্বব্যাপী ভাৰতৰ অৰ্থনৈতিক আৰু উন্নয়নমূলক অগ্ৰগতিৰ ওপৰত বিপুল ইতিবাচক প্ৰভাৱ পৰিব পাৰে বুলিও তেওঁ কয়।
আনহাতে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাটছুগু আছাকাৱাই উল্লেখ কৰে যে বেংকে টকা মূল্যৰ বণ্ড জাৰি কৰি ধন সংগ্ৰহৰ বিকল্প বিবেচনা কৰিব। বৈদেশিক মুদ্ৰাৰ উঠা-নমাৰ আশংকাৰ পৰা হাত সাৰিবলৈ আমি স্থানীয় মুদ্ৰাত বিত্তীয় সাহায্যৰ প্ৰচাৰ কৰিবলৈ ইচ্ছুক।