নিউজ ডেস্ক- ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি সদৰি কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত ২,১০৯ জন লোক আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ মুঠ ৪,৪৪,২১,৭৮১ জন লোক সুস্থ হৈ উঠিছে। আনহাতে বিগত ২৪ ঘন্টাত ৩,৪৩০ জন লোক সুস্থ হৈ উঠিছে।

ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ ৫,৩১,৭২২ জন। সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ২১,৪০৬ জন।

আনহাতে ভাৰতত বিগত ২৪ ঘণ্টাত  ১,৫৯,৪৫৪ জন ব্যক্তিৰ শৰীৰত কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। ইফালে বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৮৪,৫৭০ জনলৈ বৃদ্ধি পাইছে।

ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। অৰ্থাৎ ভাৰতত আৰোগ্য লাভৰ হাৰ ৯৮.৭৬ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply