নিউজ ডেস্ক: অনুষ্ঠান চলি থকাৰ মাজতে হঠাতে মঞ্চত বাগৰি পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ক’লৰাড’ৰ আমেৰিকান এয়াৰ ফৰ্চ একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত মঞ্চত হঠাতে উজুটি খাই পৰে ৰাষ্ট্ৰপতিগৰাকী। ১ জুনত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, ক’লৰাড’ৰ আমেৰিকান এয়াৰ ফৰ্চ একাডেমীত অনুষ্ঠিত স্নাতক অনুষ্ঠানত ৯২১ জন স্নাতক কেডেটৰ প্ৰতিজনৰ সৈতে বাইডেনে হাত মিলাইছিল। ইয়াৰ বাবে তেওঁ প্ৰায় ডেৰ ঘণ্টা ধৰি থিয় হৈ থাকিবলগীয়া হৈছিল।

অৱশ্যে এই ঘটনাত তেওঁৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

অনুষ্ঠানৰ পিছত হোৱাইট হাউছলৈ উভতি অহাৰ সময়ত বাইডেনে ধেমালি কৰি কয় যে, ‘মই বালিৰ বেগত আবদ্ধ হৈ পৰিছিলোঁ’। হোৱাইট হাউছৰ প্ৰেছ পুলৰ এক প্ৰতিবেদনত কোৱা হৈছে যে মঞ্চত খোজ কাঢ়ি যোৱাৰ সময়ত বাইডেনে ক’লা বালিৰ বেগ এটাত উজুটি খাই পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply