আজি মহাসংঘৰ উদ্যোগত মৰাণত খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা উদ্বোধন

আজি মৰাণৰ ইন্সটিটিউট অৱ টাই ষ্টাডিজ এণ্ড ৰিচাৰ্ছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ‘খিলঞ্জীয়া জনগোষ্ঠীৰ মহাসভা’ উদ্বোধন কৰি সঞ্চালক ড০ গিৰীণ ফুকনে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যতৰ বংশধৰ সকলৰ সুৰক্ষাৰ বাবেই অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই চলাই থকা আইনী আৰু গণতান্ত্ৰিক সংগ্ৰামক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মহাসভাখন উদ্বোধন কৰি ফুকনে এইদৰে কয়।

উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ সংগ্ৰাম অধিক জোৰদাৰ কৰিবলৈ সকলোকে দৃঢ় পদক্ষেপ ল’বলৈ আহ্বান জনায়। আন এগৰাকী বিশিষ্ট অতিথি মণিপুৰী সাহিত্য পৰিষদ, অসমৰ উপ-সভাপতি বিদ্যাবাবু সিংহই অসমৰ মণিপুৰীসকল সদায় অসমীয়া সকলৰ সৈতে একাত্ম হৈ আছে তথা থাকিব বুলি দৃঢ়তাৰে কয়। উক্ত মহাসভাৰ আঁত ধৰে ভাৰপ্ৰাপ্ত সচিব ৰবীন সোনোৱালে।

মহাসংঘৰ এই উদ্বোধনী অনুষ্ঠানৰ পিছতে খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় অধিবেশন অনুষ্ঠিত হ’ব। ৰাতি ৮ বজাৰ পিছত অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যতৰ বংশধৰ সকলৰ সুৰক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। সভালৈ টাই আহোম,  মণিপুৰী,  টাই খাময়াং, বৰ্মন কছাৰী,  গৰীয়া,  মৰাণ,  টাই ফাকে,  সোনোৱাল কছাৰী আদি সংগঠনৰ নেতৃবৃন্দৰ লগতে আন বিভিন্ন জনগোষ্ঠীৰ নেতৃবৃন্দও উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply