নিউজ ডেস্ক: আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াত নৱনিৰ্মিত সন্মিলন কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ১৫.৬০ কোটি টকা ব্যয়েৰে নিৰ্মিত অত্যাধুনিক সা-সুবিধাসম্পন্ন এই সন্মিলন কেন্দ্ৰটোতে পঞ্চম জিলা উপায়ুক্ত সন্মিলন অনুষ্ঠিত কৰা হৈছে।
অসমৰ দ্বিতীয়টো এনেধৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই সন্মিলন কেন্দ্ৰত আলোচনা কক্ষ, অভ্যৰ্থনা কক্ষ, জিৰণি কক্ষ, সুৰক্ষা কৰ্মীৰ কক্ষ আদি বিভিন্ন সা-সুবিধাৰে পৰিপূৰ্ণ কৰি চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে ব্যৱহাৰ কৰিব পৰাকৈ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে।
আজি এই অনুষ্ঠানতেই মাননীয় মুখ্যমন্ত্ৰীয়ে সন্মিলন কেন্দ্ৰত প্ৰদৰ্শনীমূলকভাৱে ৰখা চিংফৌ জনগোষ্ঠীৰ পৰম্পৰাগত চাহ ‘ফালাপ’ আৰু থলুৱা কাজি নেমুৰ চৰ্বতৰ সোৱাদ লয়৷ ‘ফালাপ’ক তিনিচুকীয়া জিলাৰ “one district one product” হিচাপে উদগনি যোগোৱা হৈছে।

সন্মিলন কেন্দ্ৰটিৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰীসকল ক্ৰমে ৰণজিৎ কুমাৰ দাস, অতুল বৰা, অশোক সিংহল, ইউ জি ব্ৰহ্ম, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, সঞ্জয় কিষাণ, বিমল বড়া, যোগেন মহনআৰু নন্দিতা গাৰ্লোছাৰ উপৰি মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মাননীয় বিধায়কসকল তৰংগ গগৈ, ৰূপেশ গোৱালা, সুৰেণ ফুকন আৰু মাননীয় মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক – শকত অসম আৰক্ষীক তিনিমাহৰ ভিতৰত ওজন কমোৱাৰ নিৰ্দেশ প্ৰদান জি পি সিঙৰ