নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত ভাৰতৰ নৱ নিৰ্মিত সংসদ ভৱনটো উদ্বোধন কৰিব। কিন্তু ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাটো বিৰোধিতা কৰিছে। তেওঁ টুইট জৰিয়তে লিখিছে যে, “নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা উদ্বোধন কৰা উচিত, প্ৰধানমন্ত্ৰীয়ে নহয়”। ১৮ মে’ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰীক নতুন ভৱনটো উদ্বোধন কৰিবলৈ ইতিমধ্যেয়ে আমন্ত্ৰণ জনাইছে।

সংবাদ সংস্থা পিটিআইয়ে জনোৱা অনুসৰি, সকলো বিৰোধী দল আৰু কংগ্ৰেছে নতুন ভৱনটোৰ উদ্বোধনৰ তাৰিখৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ২৮ মে হিন্দুত্ববাদী চিন্তাবিদ বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম জয়ন্তী। এই দিনটোত নতুন সংসদ ভৱনৰ উদ্বোধন কৰাটো ৰাষ্ট্ৰ নিৰ্মাণকৰ্তা সকলক অপমানজনক কৰা বুলি বিৰোধী দল সমূহে কৈছে।

কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত কেন্দ্ৰীয় ভিষ্টা পুনৰ্বিকাশ প্ৰকল্প আৰম্ভ কৰিছিল। য’ত লোকসভা আৰু ৰাজ্যসভাৰ নতুন সংসদ নিৰ্মাণো অন্তৰ্ভুক্ত আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ ডিচেম্বৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এই সমগ্ৰ প্ৰকল্পটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০,০০০ কোটি টকাৰ অনুমোদন দিছিল।   

বৰ্তমানৰ সংসদ ভৱনৰ কাষতেই নতুন সংসদ ভৱনটো নিৰ্মাণ কৰি থকা হৈছে। যিটো ১৩ একৰ মাটিত ত্ৰিভুজাকৃতিৰ আৰ্হিত চাৰিমহলীয়া অট্টালিকা হিচাপে নিৰ্মাণ কৰি থকা হৈছে। নতুকৈ নিৰ্মিত সংসদ ভৱনটো ৰাষ্ট্ৰপতি ভৱনৰ পৰা মাত্ৰ অলপ দূৰত্বত।

প্ৰকল্পটো প্ৰথমে ৭৫ তম স্বাধীনতা দিৱসৰ আগতে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছিল। কিন্তু পিছলৈ ইয়াৰ সময়সীমা পিছত বৃদ্ধি কৰা হয়। ।

বৰ্তমানৰ সংসদ ভৱনটো ৯৫ বছৰ আগতে ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল। ২০২০ চনৰ মাৰ্চ মাহত, কেন্দ্ৰীয় চৰকাৰে সংসদত কৈছিল যে পুৰণি ভৱনটো অত্যাধিক ব্যৱহৃত হৈছে আৰু ইয়াৰ অধিক ব্যৱহাৰৰ ফলত পৰ্যায় ক্ৰমে ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ হৈছে।

ইয়াৰ লগতে, লোকসভা আসনৰ নতুন সীমানিৰ্ধাৰণৰ পিছত বৃদ্ধি পাবলগীয়া আসন সমূহৰ বাবে সাংসদসকলে বহিবলৈ পুৰণি ভৱনটোত পৰ্যাপ্ত স্থান নাই। সেইকাৰণে এটা নতুন ভৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়।

আপুনি জানেনে যে নতুন সংসদ ভৱন দুটাত কি কি বিশেষত্ব আছে? যদি এতিয়াও নাজানে তেতিয়া হ’লে জাঁনো আহত –

১. বৰ্তমান, লোকসভাত ৫৯০ জন লোকৰ আসন ক্ষমতা আছে। নতুন লোকসভাত ৮৮৮ খন আসন থাকিব আৰু দৰ্শনাৰ্থী গেলেৰীত ৩৩৬ জনৰো অধিক লোকৰ আসন ৰখাৰ ক্ষমতা থাকিব।

২. বৰ্তমান, ৰাজ্যসভাত আসন ৰখাৰ ক্ষমতা ২৮০। নতুন ৰাজ্যসভাত ৩৮৪ খন আসন থাকিব আৰু দৰ্শনাৰ্থী গেলেৰীত ৩৩৬ খনতকৈ অধিক আসন থাকিব।

৩. লোকসভাত ইমান ঠাই থাকিব যে দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ১২৭২ জনতকৈও অধিক সাংসদে লোকসভাত একেলগে বহিব পাৰিব।

৪. সংসদৰ প্ৰতিটো গুৰুত্বপূৰ্ণ কাৰ্যৰ বাবে পৃথক কাৰ্যালয় থাকিব। বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে হাই-টেক কাৰ্যালয়ৰ সুবিধা থাকিব।

৫. কেফে আৰু ডাইনিং এলেকাও হাই-টেক হ’ব। সমিতিৰ বৈঠকৰ বিভিন্ন কোঠা বোৰ হাই-টেক সঁজুলিৰে নিৰ্মিত হ’ব।

৬. লগতে সাধাৰণ কোঠা, মহিলাৰ বাবে লাউঞ্জ আৰু ভিআইপি লাউঞ্জৰ ব্যৱস্থা থাকিব।

লগতে পঢ়ক – গুৱাহাটী ৰে’ল ষ্টেচনলৈ ‘বন্দে ভাৰত’ ৰে’লৰ পৰীক্ষামূলক চলাচল সফলতাৰে সম্পন্ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply