বৰাকৰ পৰা ৰাজীৱ অগস্তি

ভাৰতবৰ্ষৰ গোৱাত পৰ্তুগীজৰ বসতি সম্পৰ্কে সকলোৱে জ্ঞাত কিন্ত আমাৰ অসমতো যে আছে এনে এখন ইণ্ডো -পৰ্তুগীজ গাওঁ আছে সেয়া নিশ্চয় অসমৰ বহুলোকৰ জ্ঞাত নহয়৷ য’ত প্ৰায় ১৬ – ১৭ শতিকাৰ পৰা বসবাস কৰি আছে ৪৫ টা পৰিয়াল৷ এই গাৱঁত সকলো ধৰণৰ উৎসৱ পাৰ্বন পৰ্তুগীজ পৰম্পৰা আৰু নিয়ম-নীতিৰে পালন কৰা হয়৷ গাওঁখনত আজিও ইতিহাসৰ সাক্ষী হৈ থিয় হৈ আছে ১৮৮০ শতিকাতে পুনৰ নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ অতি পুৰণি গীৰ্জাঘৰ ৷

ইষ্ট ইণ্ডিয়া কোম্পানীৰ অজুহাতত ব্ৰিটিছসকল ভাৰতভূমিলৈ আগমন ঘটাৰ প্ৰায় ৩০০ বছৰ পূৰ্বে পৰ্তুগীজসকল ভাৰত ভূমিলৈ আহিছিল৷ সেইসময়ত পূৰ্ববংগৰ বহু অঞ্চলত তেওঁলোকে শাসন কৰিছিল যদিও মোগলৰ আক্ৰমণৰ সময়ত থান বান হৈ পৰা পৰ্তুগীজসকলৰ শেষ অস্তিত্ব ৰৈছিল কেৱল অসমত। ইতিহাস অনুসৰি বৰাকৰ কছাৰী ৰজাই বাৰ্মিজ সৈন্যৰ বিৰুদ্ধে যুঁজ কৰিবলৈ বৰাকৈ যুদ্ধ বিদ্যাত পৰিপক্ক পৰ্তুগীজ সেনাসকলক আনিছিল৷ এওলোকৰ সহযোগত যুঁজত বিজয়ী হোৱাৰ পিছত কছাৰী ৰজাই বৰাকত তেওঁলোকক বসবাসৰ বাবে ভূমি প্ৰদান কৰিছিল৷ আৰু তেতিয়াৰ পৰাই বৰাকত আৰম্ভ হৈছিল পৰ্তুগীজ গাঁওৰ ভেটি৷ পৰ্তুগীজ দেশৰ সৈতে কোনো সম্পৰ্ক নথকা এই ঐতিহ্যমণ্ডিত ক্ষুদ্ৰ জনগোষ্ঠীটোৰ আজি কোনো বিশেষ ইতিহাস নাই যদিও এসময়ত ভাৰত শাসনৰ সপোন দেখা এওঁলোক কিন্ত আজি হাড়ে হিমজুৱে অসমীয়া৷ সম্প্ৰতি বৰাক ভেলীৰ বদৰপুৰৰ বোন্দাশীলত অৱস্থিত এই বিশেষ গাওঁখন৷

অসম চৰকাৰৰ প্ৰাক্তন অসামৰিক বিষয়া মিল্টন কুইয়াই এই সম্পৰ্কে সদৰী কৰে যে পৰ্তুগীজ সকল মূলতঃ যুদ্ধবিদ্যাত সিদ্ধহস্ত সৈনিক আছিল৷ এওলোকে বন্দুক চলোৱাৰ লগতে টোপ নিৰ্মাণ আৰু টোপ চলোৱাতো আছিল পাকৈত৷ যাৰ বাবেই কাছাৰ আৰু আগৰতলাৰ ৰজাই এক চুক্তি কৰি ১৮ শতিকাত বাৰ্মিজ সৈন্যৰ লগত যুদ্ধ কৰিবলৈ চিলেটত থকা পৰ্টুগীজ শিবিৰৰ পৰা এওঁলোকক আমন্ত্ৰণ কৰি আনিছিল৷ ৰজাই আনকি তেওলোকক বেতনভোগী সৈনিক হিচাপে নিযুক্তি প্ৰদান কৰি যুদ্ধৰ বাবে প্ৰেৰণ কৰিছিল৷ তেওঁলোকে বৰাক নদীৰ পাৰত থকা কিলাৰ পৰাই বাৰ্মিজৰ বিৰুদ্ধে জপিয়াই পৰিছিল৷ পৰ্তুগীজ সৈনিকৰ সাহসৰ বাবেই দক্ষিণ অসম ৰক্ষা পৰিছিল৷ কাছাৰৰ কছাৰী ৰজাই তেওঁলোকৰ যুদ্ধশৈলীত মোহিত হৈ পুৰস্কাৰ হিচাপে পাদৰী ঘাট বা বোন্দাশীল অঞ্চলত ভূমি প্ৰদান কৰিছিল৷ আৰু তাতেই তেওঁলোকে স্থায়ীভাৱে থাকিবলৈ লয়৷

অসমৰ বাহিৰে এওঁলোকৰ আৰু কোনো স্থান নাই৷ অসমেই এওঁলোকৰ বাবে মাতৃভুমি৷ অতি দুখৰ বিষয় যে এই লোকসকলকৰ বিষয়ে বহুতেই নাজানে৷ এওঁলোকৰ পৰাই সৃষ্টি হৈছে বহু প্ৰতিভাশালী ব্যক্তিৰ৷ এওলোকৰে ডনাল্ড পল আছিল ভাৰতীয় হকী দলৰ অধিনায়ক। তেওঁ ১৯৬২ চনত ভাৰতৰ হৈ হকী খেলিছিল৷ প্ৰবাদপুৰুষ ৰাধাগোবিন্দ বৰুৱাই ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰিছিল৷

কেৱল সেয়াই নহয়, বিগত সময়ছোৱাত এই জনগোষ্ঠীৰ পৰা বিশিষ্ট চিকিৎসক হাৰ্মাণ ফ্ৰেংক আদিকে কৰি কেবাজনো বিশিষ্ট লোকৰ জন্ম হৈছিল৷ এতিয়াও বোন্দাশীলত পৰ্তুগীজ আৰ্হিৰে নিৰ্মিত দুই এটা পুৰণি ঘৰ থকাৰ উপৰি এটা গীৰ্জাঘৰো আছে৷ এংলো ইণ্ডিয়ান নাইবা ইণ্ডো পৰ্তুগীজসকলৰ কোনো নিজা ৰাজ্য নাই৷ এওঁলোক যিখন ৰাজ্যতে থাকে, তাৰেই বাসিন্দা হয়৷ অসমতো বৃহত্তৰ অসমীয়া জাতিৰ সৈতে একাকাৰ হৈ গৈছে তেওঁলোক৷ আনকি অসমীয়া পৰম্পৰা আকোঁৱালি লৈ জাতিটোৰ উন্নতিৰ হকে কাম কৰি আছে তেওঁলোকে৷

বোন্দাশীলৰ অতি প্ৰাচীন গীৰ্জাৰ ফাদাৰ পুস্পক ৰায়ে এই সম্পৰ্কত কয় যে তাহানি বোন্দাশীল গাওঁখন যথেষ্ট ডাঙৰ আছিল৷ এই গাঁওৰ পৰাই বহু লোক কৰ্মসূত্ৰে অসমৰ বিভিন্ন স্থানলৈ স্থানান্তৰিত হৈছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ অতি পুৰণি গীৰ্জাঘৰৰ ৰেজিষ্টাৰত লিপিবদ্ধ হৈ থকা তথ্য উল্লেখ কৰি তেওঁ আৰু কয় যে সময়ৰ সোঁতত ইণ্ডো পৰ্তুগীজসকল স্থানীয় লোকৰ সৈতে একাকাৰ হৈ গৈছে৷ বৰাকত থকা ইণ্ডো পৰ্তুগীজ সকলে ইংৰাজী ভাষাৰ উপৰি বঙালী ভাষাটোও গ্ৰহণ কৰি বাৰ্তালাপৰ মাধ্যম হিচাপে লৈছে৷ বৰ্তমান সময়ত ইণ্ডো পৰ্তুগীজৰ এটি বংশগতি বাংলাদেশৰ নোৱাখালিৰ লগতে আন এটি থাল বা বংশগতি আগৰতলাৰ মৰিয়ম নগৰত বসবাস কৰি আছে৷

এই গাৱৰ স্থানীয় যুৱক বাপ্পি ক্ৰিষ্টোফাৰ ফ্ৰাংকৰে হোৱা কথোপকথনত তেওঁ কয় যে আমাৰ পূৰ্বপুৰুষসকল ১৬ শতিকাৰ শেষৰ ফালে ইয়ালৈ আহিছিল ৷

বোন্দাশীলত ১৭৮০ চনত এই গীৰ্জাঘৰ পৰ্তুগীজসকলে নিৰ্মাণ কৰিছিল৷ বৰাক নৈৰ গৰাখহনীয়াত দুবাৰকৈ নিচিহ্ন হোৱা এই গীৰ্জাঘৰটোৱে পৰ্তুগীজৰ অৱস্থিতি প্ৰমাণ কৰে৷ ১৮৮০ চনত দিগিৰ পাৰত গীৰ্জাঘৰটো পুনৰ নিৰ্মাণ কৰা হয়৷ সম্প্ৰতি এই বোন্দাশীলত ৪৫ টা পৰিয়ালে বসবাস কৰি আছে ৷ পূৰ্বে এই পৰিয়ালসমূহে ইংৰাজীত কথোপকথন কৰিছিল যদিও পৰৱৰ্তী সময়ত বঙালী ভাষা গ্ৰহণ কৰি শিক্ষা দিক্ষা লোৱাৰ লগতে স্থানীয় সংস্কৃতিকো আকোৱালি লৈছে৷ তেওঁৰ আজোককাই বাংলাদেশৰ চিতাগঞ্জত পঢ়াশুনা কৰিছিল বুলিও আমাক জানিবলৈ দিয়ে৷

আজিৰ তাৰিখত ইয়াৰ ইতিহাস ধুসৰ যদিও ইণ্ডো পৰ্তুগীজৰ অধিকাংশ লোকে শিক্ষা আহৰণৰ জৰিয়তে সমাজক আগুৱাই নিয়াৰ কামত ব্ৰতী হৈ আছে৷ অসামৰিক সেৱা – চিকিৎসা সেৱা – সেনাবাহিনীৰ উপৰি শিক্ষাৰ ক্ষেত্ৰতো বিশেষ সেৱা আগবঢ়াই থকা লোকসকল আজিও সমাজৰ প্ৰতি দায়বদ্ধ৷ এই বিষয়ে উল্লেখ কৰে অসম চৰকাৰৰ সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ এলেন ব্ৰুকে

খোদ ইণ্ডো পৰ্তুগীজসকলৰ বহুতেই নাজানে তেওঁলোকৰ ইতিহাস৷ বুৰঞ্জীৰ পাততো নাই কোনো সংৰক্ষিত তথ্য৷ যাৰ বাবেই সময়ে সমেয় ইতিহাস সম্পৰ্কত বহু খেলি মেলি দেখা যায়৷ অধিকাংশ লোকৰ পূৰ্বপুৰুষে নতুন প্ৰজন্মক কোনো বিশেষ তথ্য দি নোযোৱাৰ বাবেই শিপা সম্পৰ্কে আজিও বহুলোক জ্ঞাত নহয়৷ এই সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে বিশিষ্ট চিকিৎসক ডা° হাৰমান ফ্ৰংকে

অসম বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ড° সুজল নাগে এই সম্পৰ্কে কয় যে বিভিন্ন বুৰঞ্জীবিদৰ তথ্য অনুসৰি বৰাকৰ বোন্দাশীল অঞ্চলত দ্ৰাস আৰু পৰ্তুগীজৰ বসতি আছে৷ ব্ৰিটিছসকল ভাৰতলৈ আগমনৰ পূৰ্বে ১৬ শতিকাতে দ্ৰাসসকল আহিছিল আৰু তাৰ সমান্তৰালভাৱে পৰ্তুগীজসকলো আহিছিল৷ ১৮ শতিকাত মোগলৰ শাসন কালত মালাৰ্জীবেথৰ সৈতে অতি কমসংখ্যক পৰ্তুগীজ অসমলৈ আহিছিল৷ অৱশ্যে পৰ্তুগীজে সাম্ৰাজ্য বিস্তাৰ কৰিব পৰা নাছিল৷ তেওঁলোক মূলতঃ সৈনিক হোৱাৰ বাবেই ধনৰ বিনিময়ত যুদ্ধ আদিত ভাগ লৈছিল৷ একপ্ৰকাৰ বেতনভোগী সৈনিক আছিল এওঁলোক৷ মোগল আৰু বাৰ্মিজ সৈন্যৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত কাছাৰৰ ৰজাই পৰ্তুগীজসকলক ব্যৱহাৰ কৰি যুদ্ধত জয়ী হৈছিল৷ পৰ্তুগীজ সৈন্যসকলক বৰাকৰ এই বোন্দাশীল অঞ্চলত কাছাৰৰ ৰজাই বসবাসৰ ব্যৱস্থা কৰি দিছিল। দ্ৰাসসকল পৰ্টুগীজৰ পূৰ্বে আহিছিল যদিও আজি কিন্তু দ্ৰাসৰ কোনো নিজা পৰিচয় নাই৷ এওঁলোক পৰ্তুগীজসকলৰ সৈতে মিলি গৈছে৷ পৰ্টুগীজ আৰু দ্ৰাসসকলে স্থানীয় যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ থলুৱা পৰিচয় গ্ৰহণ কৰিছিল৷ ১৯ শতিকাতহে বৃটিছসকল ভাৰতত প্ৰৱেশ কৰিছিল৷ পৰৱৰ্তী সময়ত ১৮২৬ চনত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত কছাৰী ৰাজ্যৰ এক বৃহৎ অঞ্চল বৃটিছৰ তলতীয়া হয় ৷

অখ্যাত বোন্দাশীলৰ পৰা বহ্মপুত্ৰ উপত্যকাৰ কামৰূপ মহানগৰৰ লগতে উজনি অসমৰ কেবাখন জিলাত এই জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি থকাৰ উপৰি বৃহত্তৰ অমসীয়া সমাজলৈ আগবঢ়াই আছে বহু অৱদান ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply