নিউজ ডেস্ক : ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২২। ১১ ছেপ্টেম্বৰ পৰ্যন্ত চলিব এই প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। ২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা দুয়োখন দেশৰ মাজত কোনো ছিৰিজ অনুষ্ঠিত হোৱা নাই। অহা ২৮ আগষ্টত এছিয়া কাপ ২০২২ ৰ মেচত ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব। এছিয়া কাপ ২০২২ ত দুয়োটা দলে এবাৰতকৈ অধিক মেচত মুখামুখি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। এছিয়া কাপত এতিয়ালৈকে দুয়োখন দেশৰ মাজত হোৱা মেচ সমূহৰ পৰিনাম তলত দিয়া ধৰণৰ।

১৯৮৪ চনৰ এছিয়া কাপত ভাৰতে পাকিস্তানক ৫৪ ৰানত পৰাস্ত কৰিছিল। প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ৪ টা উইকেটৰ বিনিময়ত ১৮৮ ৰান সংগ্ৰহ কৰে যদিও ৰবি শাস্ত্ৰী আৰু ৰজাৰ বিন্নীৰ উজ্জ্বল বলিংৰ সন্মুখত পাকিস্তান দলটো ছিন্নভিন্ন হৈ পৰে। ১৯৮৮ চনৰ এছিয়া কাপত ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰিছিল। এই মেচখন ঢাকাত অনুষ্ঠিত হৈছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে এই মেচখনত ১৪২ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ ১৪২ ৰানৰ উত্তৰত ভাৰতে বেটিং কৰি ৪ উইকেটত জয়লাভ কৰে।

১৯৯৫ চনৰ এছিয়া কাপত পাকিস্তানে ভাৰতক ৯৭ ৰানত পৰাস্ত কৰিছিল। এছিয়া কাপত ভাৰতীয় দল পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল প্ৰথমবাৰৰ বাবে। এই মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি পাকিস্তানে ৯ টা উইকেটৰ বিনিময়ত ২৬৬ ৰান সংগ্ৰহ কৰে যদিও ইয়াৰ উত্তৰত বেটিং কৰিবলৈ আহি ভাৰতীয় দলটোৱে মাত্ৰ ১৬৯ ৰান সংগ্ৰহ কৰে। ১৯৯৭ চনৰ এছিয়া কাপত বৰষুণৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল। এই মেচখনত প্ৰথম বেটিং কৰি পাকিস্তানৰ দলটোৱে ৯ অভাৰত ৩০ ৰানত ৫ টা উইকেট হেৰুৱাই সংগ্ৰাম কৰি আছিল যদিও পৰৱৰ্তী সময়ত বৰষুণৰ বাবে মেচখন বাতিল কৰা হৈছিল। ভাৰতৰ বেগী বলাৰ ভেংকটেশ প্ৰসাদে ১৭ ৰানত ৪ জন খেলুৱৈক আউট কৰিছিল।

২০০০ চনৰ এছিয়া কাপত পাকিস্তানে ভাৰতক ৪৪ ৰানত পৰাস্ত কৰিছিল। এছিয়া কাপত ভাৰতীয় দলটোৱে পাকিস্তানৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল এইয়া দ্বিতীয়বাৰৰ বাবে। ঢাকাত খেলা এই মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি ৭ টা উইকেটৰ বিনিময়ত ২৯৫ ৰান সংগ্ৰহ কৰিছিল, কিন্তু ইয়াৰ উত্তৰত ভাৰতীয় দলটো মাত্ৰ ২৫১ ৰান সংগ্ৰহ কৰিছিল। ২০০৪ চনৰ এছিয়া কাপত পাকিস্তানে আধিপত্য অব্যাহত ৰাখিছিল। এই মেচখনত পাকিস্তানে ভাৰতক ৫৯ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে ৯ টা উইকেটৰ বিনিময়ত ৩০০ ৰান সংগ্ৰহ কৰিছিল যদিও ভাৰতীয় দলটোৱে ৫০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত মাত্ৰ ২৪১ ৰানহে কৰিব পাৰিছিল। পাকিস্তানৰ হৈ শ্বোৱাইব মালিকে ১২৭ টা বলত ১৪৩ ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল।

২০০৮ চনৰ এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে পৰাজয়ৰ ধাৰা ভংগ কৰিছিল। ভাৰতৰ হৈ ৯৫ টা বলত ১১৯ ৰানৰ ইনিংছ খেলিছিল বীৰেন্দ্ৰ ছেহৱাগে। মাত্ৰ ৪২.১ অভাৰতে ভাৰতে পাকিস্তানৰ ৩০০ ৰানৰ লক্ষ্যত উপনীত হৈছিল। ২০০৮ চনৰ এছিয়া কাপত ভাৰত আৰু পাকিস্তানে দুবাৰকৈ মুখামুখি হৈছিল। গ্ৰুপ পৰ্যায়ত পাকিস্তানক পৰাস্ত কৰাৰ বিপৰীতে ছুপাৰ-৪ ত পাকিস্তানে ভাৰতক পৰাস্ত কৰিছিল। এই মেচখনত ভাৰতীয় দলটোৱে ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০১০ ৰ এছিয়া কাপত ভাৰতে পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰিছিল। এই মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে ২৬৭ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ গৌতম গম্ভীৰৰ ৮৩ আৰু মহেন্দ্ৰ সিং ধোনীৰ ৫৬ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰিছিল। ২০১২ চনৰ এছিয়া কাপত পুনৰবাৰ পাকিস্তানক পৰাস্ত কৰিছিল ভাৰতে। এই মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি পাকিস্তানে ৬ উইকেটৰ বিনিময়ত ৩২৯ ৰান সংগ্ৰহ কৰিছিল যদিও ভাৰতীয় দলটোৱে সহজেই এই লক্ষ্যত উপনীত হৈছিল।

লগতে পঢ়ক –  শুকুৰবাৰে ৰাজ্যত ১৫২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত

ভাৰতৰ হৈ বিৰাট কোহলীয়ে ১৪৮ টা বলত ১৮৩ ৰান সংগ্ৰহ কৰিছিল। ১৩ টা বল বাকী থকা অৱস্থাত ভাৰতে খেলখনত জয়লাভ কৰিছিল। এছিয়া কাপ ২০১৪ ত ভাৰতক পৰাস্ত কৰিছিল পাকিস্তানে। এই মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতীয় দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ২৪৫ ৰান সংগ্ৰহ কৰে, যাৰ উত্তৰত পাকিস্তানে ১৮ বলত শ্বাহিদ আফ্ৰিদীৰ অপৰাজিত ৩৪ ৰানৰ সহায়ত মেচখনত জয়লাভ কৰিছিল। ইয়াৰ বাহিৰেও মহম্মদ হাফিজে ৭৫ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। এছিয়া কাপ ২০১৬ ত ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে। ৮৪ ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে ৮ ৰানত ৩ টা উইকেট হেৰুৱাই এটা সময়ত সংগ্ৰাম কৰি আছিল যদিও ৪৯ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ মেচখন জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিৰাট কোহলীয়ে। ২৭ টা বল বাকী থকা অৱস্থাত ভাৰতে ৫ উইকেটত জয়লাভ কৰিছিল। এছিয়া কাপ ২০১৮ ত দুবাৰকৈ মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান। দুয়োবাৰেই ভাৰতীয় দলটোৱে পাকিস্তানক পৰাস্ত কৰিছিল। গ্ৰুপ পৰ্যায়ত পাকিস্তানক পৰাস্ত কৰাৰ পিছত ছুপাৰ-৪তো পৰাজিত হয় পাকিস্তান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply