নিউজ ডেস্ক- কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, বস্ত্ৰশিল্প, গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পিয়ুষ গোৱাল আৰু ইউৰোপীয় আয়োগৰ কাৰ্যবাহী উপ-সভাপতি, আৰু ইউৰোপীয় বাণিজ্য আয়ুক্ত ভালডিছ ডমব্ৰ’ভস্কিছে সকলো বিষয়তে অভিসৰণ বিচাৰি ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএ আলোচনা ক্ষিপ্ৰতাৰে কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ আঁৰত নেতাসকলৰ মাজত দ্বিপাক্ষিক বৈঠকত এই বিষয়ে আলোচনা কৰা হয়। উক্ত বৈঠকত দুয়োপক্ষৰ উচ্চপদস্থ বিষয়াও উপস্থিত থাকে।
দ্বিপাক্ষিক আলোচনাৰ সময়ত নেতাসকলে দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ কথা মনত পেলাই গণতন্ত্ৰ আৰু শাসনভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক লক্ষ্য কৰি সংঘটোক গভীৰ কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে দুয়োপক্ষৰ অৰ্থনীতি আৰু নিয়োগক সহায় কৰিব পৰা সুষম আৰু অৰ্থপূৰ্ণ ফলাফলৰ বাবে বজাৰত প্ৰৱেশকে ধৰি পাৰস্পৰিক সংবেদনশীলতাৰ ওপৰত যথাযথ বিবেচনাৰ পিছত সকলো বিষয়তে অভিসৰণ বিচাৰি উলিয়াই চলি থকা এফটিএ আলোচনা ক্ষিপ্ৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োপক্ষই বিবাদ নিষ্পত্তি ব্যৱস্থা, কৃষি আৰু মীনপালনৰ ওপৰত ৰাজসাহায্য, ইকমাৰ্চ মৰেটৰিয়ামৰ লগতে ঘৰুৱা আইন সম্পৰ্কীয় বিষয়সমূহকে ধৰি বিশ্ব ব্যৱসায় সংস্থা সংস্কাৰৰ বাবে উমৈহতীয়া অগ্ৰাধিকাৰৰ ওপৰত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিও দৃঢ় কৰে। দুয়োপক্ষই নিজৰ উমৈহতীয়া লক্ষ্যৰ ওপৰত নিৰ্মাণ কৰি ভাৰতৰ লগতে উন্নয়নশীল বিশ্বৰ বৃহৎ অংশত লাখ লাখ লোকৰ জীৱিকা আৰু খাদ্য সুৰক্ষাৰ সহায়ক হ’ব পৰা একমতভিত্তিক সমাধানৰ সন্ধান কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰে। তেওঁলোকে আশা প্ৰকাশ কৰে যে তেওঁলোকৰ যৌথ প্ৰচেষ্টাই আগন্তুক বিশ্ব ব্যৱসায় সংস্থাৰ মন্ত্ৰী সন্মিলনত অৰ্থপূৰ্ণ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম কৰিব।
এই বৈঠকৰ পিছত ৱৰ্কিং গ্ৰুপ ৩ ষ্টেকহোল্ডাৰৰ বৈঠক অনুষ্ঠিত হয় যাৰ সহ-সভাপতি পীয়ুষ গোৱাল আৰু ভালডিছ ডম্ব্ৰ’ভস্কিছ। বৈঠকত ভাৰত আৰু ইউৰোপীয় ইউনিয়নক প্ৰতিনিধিত্ব কৰা অংশীদাৰসকলে অংশগ্ৰহণ কৰে। ৱৰ্কিং গ্ৰুপ ৩ য়ে বাণিজ্য, বিনিয়োগ আৰু স্থিতিস্থাপক যোগান শৃংখলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইউৰোপীয় ইউনিয়নৰ পক্ষত বিজনেছ ইউৰোপ, ডিজিটেল ইউৰোপ, ফুড ড্ৰিংকছ ইউৰোপ, কোপা-ক’গেকা, ইএফপিআইএ আৰু এচিইএকে ধৰি ইউৰোপৰ প্ৰধান ঔদ্যোগিক সংস্থাসমূহৰ প্ৰতিনিধি আছিল। বৈঠকত ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰা ভাৰতীয় ব্যৱসায়িক নেতাৰ প্ৰতিনিধি দলে ৰাসায়নিক, ধাতু, বস্ত্ৰ, ডিজিটেল আন্তঃগাঁথনি, আৰু তীখাকে ধৰি খণ্ডসমূহক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে কৃষি খাদ্য উদ্যোগ, সামুদ্ৰিক/লজিষ্টিক আদি অন্যান্য খণ্ডৰ প্ৰতিনিধি ভাৰ্চুৱেল মোডত উপস্থিত থাকে।