নিউজ ডেস্কঃ ভাৰত-চীনৰ সীমা বিবাদৰ মাজত এইবাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত আৰম্ভ হৈছে ভিছা প্ৰদান নকৰাক লৈ বিবাদ। আমেৰিকাৰ মিডিয়া হাউছ বাল স্ট্রীট জার্নালৰ এক বাতৰি অনুসৰি, ভাৰতে চীনৰ সাংবাদিকৰ ভিছা নৱীকৰণ নকৰা বুলি অভিযোগ উত্থাপন উঠিছে। সংবাদ প্ৰতিষ্ঠানটোৰ অনুসৰি, চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুৰ আৰু চি চি টিভিৰ দুজন সাংবাদিকৰ ভিছা নৱীকৰণ নকৰে বুলি ভাৰতে ঘোষণা কৰিছিল।

উল্লেখ্য যে, এপ্ৰিলত চীনেও দুজন ভাৰতীয় সাংবাদিকৰ ভিছা নৱীকৰণ কৰা নাছিল। তেওঁলোকৰ ভিতৰত এজন আছিল দ্য হিন্দুৰ সংবাদ দাতা অনন্ত কৃষ্ণন আৰু প্ৰসাৰ ভাৰতীৰ সংবাদ দাতা অংশুমান মিশ্ৰ। যাৰ বাবে দুয়ো ভাৰতলৈ গুচি আহিছিল কিন্তু চীনে ইতিমধ্যে তেওঁলোকৰ ভিছা বাতিল কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভাৰতত বৰ্তমান কোনো চীনা সাংবাদিক নাই। উক্ত ভিছা প্ৰদান নকৰাৰ বাবে ১৯৮০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতত কোনো চীনা সাংবাদিক নাথাকিব।

লগতে পঢ়ক – ১৯ শতাংশলৈ বৃদ্ধি ৰাছিয়াৰ পৰা আমদানিকৃতি খাৰুৱা তেলৰ পৰিমাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply