নিউজ ডেস্কঃ শেহতীয়া ভাৱে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,১১২ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে।

তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত বৰ্তমান কোভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৬৭,৮০৬ জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান কোভিডত প্ৰতিদিনে আক্ৰান্ত হাৰ ৭.০৩% আৰু সপ্তাহিক ভাৱে ৫.৪৩% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।

ইফালে, যোৱা ২৪ ঘণ্টাত ৯,৮৯৯ জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে ।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১,৪৩,৮৯৯ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ১,৯৪৭ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে।

লগতে পঢ়ক – মোগাৰ গুৰুদ্বাৰাৰ পৰা অমৃতপাল সিঙক ৩৬ দিনৰ পিছত গ্ৰেপ্তাৰ, ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ব অমৃতপাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply