নিউজ ডেস্ক: চুডানত যোৱা ১১ দিন ধৰি দেশখনৰ সেনা আৰু এটা অৰ্ধসামৰিক গোটৰ মাজত মাৰাত্মক যুদ্ধ চলি আছে। যাৰ ফলত প্ৰায় ৪০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

যুদ্ধবিধ্বস্ত চুডানত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উলিয়াই নিয়াৰ বাবে ভাৰতে সোমবাৰে “অপাৰেচন কাবেৰী” আৰম্ভ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে চৰকাৰে “চুডানৰ সকলো ভাই-ভনীক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” মন্ত্ৰীগৰাকীয়ে লগতে জনাইছে যে এতিয়ালৈকে প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে, আনহাতে অধিক ভাৰতীয়ই বাটত আছে।
চুডানত আবদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক ঘূৰাই অনাৰ বাবে “অপাৰেচন কাবেৰী” আৰম্ভ হৈছে। আমাৰ জাহাজ আৰু বিমানে তেওঁলোকক ঘৰলৈ ঘূৰাই আনিবলৈ সাজু হৈছে। এই কথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে টুইটৰ যোগেদি জানিবলৈ দিয়ে।

ভাৰতে ইতিমধ্যে ছৌদি আৰৱৰ জেদ্দা চহৰত দুখন সামৰিক পৰিবহণ বিমান আৰু হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত চুডানৰ এটা গুৰুত্বপূৰ্ণ বন্দৰত এখন নৌসেনাৰ জাহাজ স্থাপন কৰিছে, যাৰ জৰিয়তে আবদ্ধ ভাৰতীয়সকলক উলিয়াই অনাৰ বাবে এক পৰিকল্পনা কৰা হৈছে।

শুকুৰবাৰে চৰকাৰে কয় যে বৰ্তমান সমগ্ৰ চুডানত অৱস্থিত ৩ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

জানিব পৰামতে ফ্ৰান্সে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত চুডানৰ পৰা ২৭খন দেশৰ নাগৰিকৰ সৈতে কিছুসংখ্যক ভাৰতীয় লোককো উলিয়াই আনিছিল। তথ্য অনুসৰি ফ্ৰান্সৰ বায়ুসেনাই চুডানৰ পৰা পাঁচজন ভাৰতীয়ক উলিয়াই আনি জিবুটিত থকা ফ্ৰান্সৰ সামৰিক ঘাটিলৈ লৈ আহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply