নিউজ ডেস্ক: ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী লী ছিয়েন লুং (Lee Hsien Loong)-এ এক মন্তব্যক লৈ ভাৰতত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লী ছিয়েন লুঙে দেশখনৰ সংসদত অনুষ্ঠিত এক বিতৰ্কত ভাৰতৰ অৰ্ধেক সংখ্যক সাংসদেই অপৰাধৰ গোচৰত অভিযুক্ত বুলি কৰা মন্তব্য সন্দৰ্ভত ভাৰতে তীব্ৰ আপত্তি কৰিছে।

৭০ বছৰীয়া প্ৰধান মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী জৱাহাৰলাল নেহৰুৰ কথা উল্লেখ কৰি কৈছিল যে অধিকাংশ দেশেই এক উচ্চ আশা, আকাংক্ষা আৰু মহৎ নীতিৰে অনুপ্ৰাণিত হৈ গঠন গৈছিল। কিন্তু পৰৱৰ্তী সময়ত নেতাসকলে সেই আদৰ্শ ধৰি ৰাখিব নোৱাৰিলে বুলি তেওঁ কয়।

‘মিডিয়া ৰিপ’ৰ্টছৰ অনুসৰি নেহৰুৰ ভাৰতত আজি অৰ্ধেক সংসখ্যক সাংসদৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাকে ধৰি বিভিন্ন অপৰাধমূলক গোচৰৰ বিচাৰ চলি আছে। অৱশ্যে উক্ত গোচৰসমূহৰ বহুকেইটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও কোৱা হয়,’ তেওঁ লগতে কয়।

সূত্ৰৰ মতে লী ছিয়েন লুঙৰ এই মন্তব্যৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ছিংগাপুৰৰ হাই কমিছনাৰক দেশখনৰ প্ৰধান মন্ত্ৰীজনে ভাৰত সম্পৰ্কে কৰা মন্তব্যৰ বাবে আপত্তি কৰে।

‘ছিংগাপুৰৰ প্ৰধান মন্ত্ৰীৰ মন্তব্য অবাঞ্চিত আছিল, বিষয়টোৰ সম্পৰ্কে আমাৰ কবলগীয়া খিনি আমি ছিংগাপুৰৰ হাই কমিশনাৰক জনাই দিছো,’ সূত্ৰটোৱে কয়।

লগতে পঢ়ক – মই পৃথিৱীৰ আটাইতকৈ ভাল সন্ত্ৰাসবাদী, মই হাস্পতাল-বিদ্যালয় নিৰ্মাণ কৰোঃ অৰবিন্দ কেজৰিৱাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply