নিউজ ডেস্ক: অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত দেশসমূহৰ দুৰ্দশাগ্রস্ত অৱস্থা নিৰ্ণয় কৰা হয়। প্রখ্যাত অর্থনীতিবিদ ষ্টিভ হেংকিৰ বাৰ্ষিক দুর্দশা সূচকাংকত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দুর্দশাগ্রস্ত দেশৰ শীৰ্ষত আছে আফ্ৰিকাৰ দেশ জিম্বাবুৱে।

যুদ্ধ-বিধ্বস্ত দেশ ইউক্রেইন, ছিৰিয়া, ছুডান আদি দেশবোৰতকৈও জিম্বাবুৱেৰ অৱস্থা শোচনীয়।

ৰেংকিংছৰ বাবে ১৫৭খন দেশৰ বিশ্লেষণ কৰা হৈছিল আৰু সেইসমুহ দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৩ নম্বৰত আছে। অতি দুর্দশাগ্রস্ত দেশবোৰৰ ভিতৰত শীৰ্ষ ১৫খন দেশ ক্রমে জিম্বাবুৱে, ভেনিজুৱেলা, ছিৰিয়া, লেবানন, ছুডান, আর্জেন্টিনা, য়েমেন, ইউক্রেইন, কিউবা, তুৰস্ক, শ্রীলংকা, হাইটি, এংগোলা, টংগা আৰু ঘানা ।

আটাইতকৈ সুখী দেশৰ শীৰ্ষত আছে ছুইজাৰলেণ্ড। দ্বিতীয় স্থানত আছে কুৱেইট। তাৰ পাছত ক্ৰমে আয়াৰলেণ্ড, জাপান, মালয়েছিয়া, টাইৱান, নাইজাৰ, থাইলেণ্ড, টগো আৰু মল্টা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply