গুৱাহাটী – বহু প্ৰত্যাশিত ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ টিকট বিক্ৰী আজি পুৱা ১১ বজাৰ পৰা অনলাইন যোগে আৰম্ভ হৈছে। bookmyshow.com যোগে এই বিক্ৰী আৰম্ভ হৈছে। উল্লেখ্য যে অহা ২ অক্টোবৰত বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে প্ৰথম ১৫,০০০ টিকট আজি মুকলি কৰি দিয়া হৈছে।
কালি এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি এচিএৰ সভাপতি ৰমেন দত্তই কয়, “ “bookmyshow.com জৰিয়তে মুঠ ২০,০০০ টিকট অনলাইনত বিক্ৰী কৰা হ’ব। ইয়াৰ ভিতৰত ১৬ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ত ১৫,০০০ টিকট বিক্ৰী কৰা হ’ব আৰু ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ত ৫,০০০ টিকট বিক্ৰী কৰা হ’ব।” তেওঁ লগতে কয় যে এচিএৰ বিভিন্ন অনুমোদিত গোটৰ জৰিয়তে প্ৰায় ১১০০০ টিকট বিক্ৰী কৰা হ’ব। টিকটৰ মূল্য ৪৭৫ টকাৰ পৰা ৬,০০০ টকাৰ ভিতৰত ৰখা হৈছে। ইফালে সংবাদমেলত উপস্থিত থাকি এ চি এৰ সম্পাদক দেৱজিত লন শইকীয়াই কয় যে ACA ষ্টেডিয়াম আন্তঃৰাষ্ট্ৰীয় খেল আয়োজনৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। পৰ্যাপ্ত ফ্লাডলাইট আৰু কভাৰকে ধৰি সকলো প্ৰয়োজনীয় সঁজুলিৰ ব্যৱস্থা কৰা হৈছে।”
স্মৰ্তব্য যে বৰষুণৰ ক্ষেত্ৰত পিটছ তথা আউটফিল্ডক সুৰক্ষিত কৰি ৰাখিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ পৰা ২ খন পাতল কভাৰ অনা হৈছে। “আইচিচি আৰু বিচিচিআইৰ নিৰ্দেশনা অনুসৰি প্ৰতিকূল বতৰৰ সৈতে যুঁজিবলৈ সকলো প্ৰয়োজনীয় সঁজুলি সাজু কৰা হৈছে।” খেলখনৰ বাবে লোকনিৰ্মাণ বিভাগৰ সহায়ত ষ্টেডিয়ামৰ চাৰিওফালে আৰু ড. ভূপেন হাজৰিকা ৰোডৰ চাৰিওফালে থকা পথ আৰু দলংবোৰ পুনৰ নিৰ্মাণ কৰা হৈছে। শইকীয়াই লগতে কয় যে যান-বাহন বিভাগৰ অনুমোদন সাপেক্ষে, অসম চৰকাৰে শেহতীয়াকৈ এচিএক আৱণ্টন কৰা ভূমিৰ প্লটটো এচিএ ষ্টেডিয়ামৰ ভিতৰত ৰখাব পৰা বাহনৰ উপৰিও প্ৰায় ৭০০ অতিৰিক্ত বাহন ৰখাৰ বাবে ব্যৱহাৰ কৰা হ’ব। অন্যথা, মিডিয়া ভানৰ বাবে চাউথ পইণ্ট স্কুলৰ চৌহদৰ ভিতৰত পাৰ্কিং ব্যৱস্থা কৰা হ’ব।
টিকটৰ হাৰ:
ৱেষ্ট ষ্টেণ্ড দ্বিতীয় মহলা (কেৱল শিক্ষাৰ্থীৰ বাবে): 475 টকা;
ৱেষ্ট ষ্টেণ্ড প্ৰথম মহলা: 2,000 টকা;
ৱেষ্ট ষ্টেণ্ড গ্ৰাউণ্ড ফ্লোৰ: 3,000 টকা;
ইষ্ট ষ্টেণ্ড দ্বিতীয় মহলা: 1,500 টকা;
ইষ্ট ষ্টেণ্ড প্ৰথম মহলা: 2,000 টকা;
ইষ্ট ষ্টেণ্ড গ্ৰাউণ্ড ফ্লোৰ: 3,000 টকা;
নৰ্থ ষ্টেণ্ড ওপৰৰ মহলা: 2,000 টকা;
নৰ্থ ষ্টেণ্ড দ্বিতীয় মহলা: 4,000 টকা;
নৰ্থ ষ্টেণ্ড গ্ৰাউণ্ড ফ্লোৰ: 3,500 টকা;
চাউথ ষ্টেণ্ড ওপৰৰ মহলা: 2,000 টকা;
চাউথ ষ্টেণ্ড দ্বিতীয় মহলা: 4,000 টকা;
চাউথ ষ্টেণ্ড প্ৰথম মহলা: 6,000 টকা;
চাউথ ষ্টেণ্ড গ্ৰাউণ্ড ফ্লোৰ: 3,500 টকা।