নতুন দিল্লীঃ ভাৰতে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত পাকিস্তানক সমৰ্থন আগবঢ়াই। চুইডেনত মুছলমানৰ পৱিত্ৰ গ্ৰন্থ কোৰাণক বাৰে বাৰে জ্বলোৱাৰ বিৰুদ্ধে পাকিস্তানে UNHRC এটা প্ৰস্তাৱ আবেদন কৰিছিল। ভাৰতেও পাকিস্তানৰ এই প্ৰৱস্তাক সমৰ্থন জনাই ভোট প্ৰদান কৰে।
ইয়াৰ লগতে, ইউৰোপীয় ইউনিয়ন, পোপ ফ্ৰান্সিছ আৰু চুইডিছ চৰকাৰে নিজেই এই ঘটনাক গৰিহণা দিছিল। ইয়াৰ প্ৰস্তাৱত, পাকিস্তানে কোৰাণ জ্বলোৱাৰ দৰে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নকে ধৰি বহুতো পশ্চিমীয়া দেশে বাক্ স্বাধীনতাৰ উল্লেখ কৰি এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়ে।
উল্লেখ্য যে, ইউএনএইচআৰচিৰ সৰ্বমুঠ ৪৭ জন সদস্য আছে। ইয়াত অ’আইচিৰ অৰ্থাৎ ইছলামিক সহযোগিতা সংগঠনৰ মাত্ৰ ১৯ খন দেশ অন্তৰ্ভুক্ত আছে। তেওঁলোক সকলোৱে পাকিস্তানৰ প্ৰস্তাৱক সমৰ্থন কৰে। চীনেও পাকিস্তানৰ সমৰ্থনত ভোট দান কৰে। একে সময়তে, নেপালকে ধৰি ৭ খন দেশে কাৰোৰে সমৰ্থন ভোট দান নকৰে।
লগতে পঢ়ক – মানহানিৰ গোচৰঃ আহমেদাবাদ আদালতত হাজিৰ হ’ব কেজৰিৱাল আৰু সঞ্জয়