নিউজ ডেস্ক: ৯ম বাৰৰ বাবে SAFF চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰে ভাৰতে। কুৱেইটক পৰাস্ত কৰি ভাৰতে দখল কৰে এই খিতাপ। ১২০ মিনিটত ১-১ গ’লত অচলাৱস্থাৰ সন্মুখীন হোৱাৰ পিছত ভাৰতে পেনাল্টি শ্বুটআউটত কুৱেইটক ৫-৪ গ’লত পৰাস্ত কৰে।

বাংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হোৱা SAFF চেম্পিয়নশ্বিপৰ ভাৰত আৰু কুৱেইটৰ মাজত হোৱা খেলখন ১-১ গ’লত সমাপ্ত হয়। ইয়াৰ পিছত ভাৰতে কুৱেইটক পেনাল্টিৰে পৰাস্ত কৰে।

শেহতীয়া ফিফা ৰেংকিঙত ১০০তম স্থানত থকা ভাৰতে নৱমবাৰৰ বাবে SAFF চেম্পিয়নশ্বিপ ২০২৩ৰ ১৪তম সংস্কৰণত বিজয়ী হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply