নিউজ ডেস্ক– আজি পুৱা ৰাজস্থানৰ হনুমানগড় জিলাত ভাৰতীয় বায়ুসেনাৰ এখন মিগ ২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত তিনিজনকৈ নাগৰিকৰ মৃত্যু হয়।

জানিব পৰা মতে, বিমানখন চুৰাটগড় বায়ু সেনা কেন্দ্ৰৰ পৰা উৰা মাৰিছিল আৰু পাইলটজনে উৰণৰ কিছু সময় পিছতে কাৰিকৰী বিজুতিৰ খবৰ দিছিল।

আনহাতে, দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা আৰু এজন লোক মৃত্যুমুখত পৰে। বিমানখনৰ পাইলট সুৰক্ষিত আছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক জছাৰাম বসুৱে দুৰ্ঘটনাটোৰ ফলত কমেও তিনিজন নাগৰিকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply