নিউজ ডেস্ক- সোমবাৰে থাইলেণ্ডত জুৱা খেলি আটক হয় ভাৰতীয় নাগৰিক। থাইলেণ্ডৰ বাং লামুং জিলাৰ এছিয়া পাটায়া হোটেলত পুৱাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই ৮৩ জন ভাৰতীয়সহ ৯৩ জুৱাৰীক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, জুৱা খেলি থকাৰ সময়তে আৰক্ষীয়ে হোটেল চৌহদত অভিযান চলায় আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰে। লগতে তেওঁলোকৰ পৰা আৰক্ষীয়ে ১.৬০ লাখ ভাৰতীয় মুদ্ৰা, ২০ কোটি টকাৰ জুৱাৰ চিপছ, ৯২ টা ম’বাইল ফোন আৰু ৮ টা চিচিটিভি জব্দ কৰিবলৈ সক্ষম হয়।  

জানিব পৰা মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ৮৩জন ভাৰতীয় আৰু ৬জন থাইলেণ্ড আৰু ৪জন ম্যানমাৰ নাগৰিক আছিল।

আনহাতে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জুৱা খেলত ব্যৱহৃত সকলো সজুঁলি ভাৰতৰ পৰা অনা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply