নিউজ ডেস্কঃ পালৰ বিশ্বৰ অন্যতম পৰ্বত শৃংগৰ পৰা বৃহস্পতিবাৰে এজন ভাৰতীয় পৰ্বতাৰোহীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। পৰ্বতাৰোহীকজনক জীৱিত অৱস্থাত সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

১৭ এপ্ৰিলত কেম্প-৩ ৰ পৰা নামি অহাৰ সময়ত ৬,০০০ মিটাৰ উচ্চতাৰ পৰা বাগৰি পৰিছিল আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছিল পৰ্বতাৰোহীজন। বিশ্বৰ দশম সৰ্বোচ্চ পৰ্বত শৃংগ অন্নপূৰ্ণাৰ পৰা গভীৰ বৰফৰ ফাটত পৰি সন্ধানহীন হৈ আছিল ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালু।

৩৪ বছৰীয়া অনুৰাগ মালু ৰাজস্থানৰ কিশনগড়ৰ বাসিন্দা।

চেভেন ছামিট ট্ৰেকছৰ ছাং দাৱা শ্বেৰ্পাই এএফপিক জনোৱা মতে, ৮,০৯১ মিটাৰ (২৬,৫৪৫ ফুট) দৈৰ্ঘ্যৰ পাহাৰটোৰ এটা ফাটৰ পৰা ৩০০ মিটাৰ তললৈ পৰি মালুক আঠজনীয়া দলে উলিয়াই আনিছিল।

তেওঁ লগতে কয়, ‘তেওঁৰ অৱস্থা সংকটজনক আছিল আৰু তেওঁক চিকিৎসাৰ বাবে পোখাৰা চিকিৎসালয়লৈ বিমানেৰে লৈ যোৱা হয়। তেওঁৰ সৈতে নিৰুদ্দেশ হোৱা বলজিৎ কৌৰকো সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply