নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ আজি মুকলি কৰা হৈছে নতুন জাৰ্চি। ক্ৰীড়া ব্ৰেণ্ড এডিডাছ হৈছে টীম ইণ্ডিয়াৰ নতুন কিট পৃষ্ঠপোষক। উক্ত কোম্পানীটোৱে সামাজিক মাধ্যমত এটা ভিডিঅ’টো শ্বেয়াৰ কৰি ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ বাবে তিনিটা বেলেগ বেলেগ ডিজাইনৰ জাৰ্চী মুকলি কৰিছে। অহা ৭ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউটিচি) ফাইনেলত টীম ইণ্ডিয়াক এই নতুন জাৰ্চীতেই দেখা যাব।

যোৱা মাহত, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এডিডাছৰ সৈতে ২০২৮ চনলৈকে চুক্তি স্বাক্ষৰ কৰিছিল। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ উপৰিও এডিডাছে মহিলা জ্যেষ্ঠ ৰাষ্ট্ৰীয় ক্ৰিকেট দল, ভাৰত এ, ভাৰত বি আৰু অনুৰ্ধ-১৯ পুৰুষ আৰু মহিলা ক্ৰিকেট দলকো পৃষ্ঠপোষকতা কৰিব।

এডিডাছৰ পৃষ্ঠপোষকতা নিৰ্মিত নতুন জাৰ্চি কেইটা তিনিটা ৰঙত ডিজাইন কৰা হৈছে। টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে গাঢ় নীলা ৰঙ, এদিনীয়াৰ বাবে পাতল নীলা আৰু টেষ্ট মেচৰ বাবে সাধাৰণ ভাৱে ব্যৱহৃত বগা ৰঙ নতুন জাৰ্চি ব্যৱহাৰ কৰা হৈছে। তিনিওটা জাৰ্চীৰ কান্ধত তিনিটা তিনিটাকৈ এডিডাছ ষ্ট্ৰাইপ আছে। উক্ত নতুন  জাৰ্চী কেইটাৰ ডিজাইন কাশ্মীৰী ডিজাইনাৰ আকিব ৱানিয়ে কৰিছে।

লগতে পঢ়ক – BTR ৰ পৰ্যটন ক্ষেত্ৰ উন্নয়নক লৈ জনতা ভৱনত বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply