নিউজ ডেস্কঃ ভাৰতীয় জুনিয়ৰ হকী দলে চিৰ প্ৰতিদ্বন্দী পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে জুনিয়ৰ এছিয়া কাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ হৈ অঙ্গদ বীৰ সিং (১৩ মিনিট) আৰু অৰিজিত সিঙে (২০ মিনিট) গ’ল কৰে। ৩৭ মিনিটত আব্দুল বাছাৰতে পাকিস্তানৰ একমাত্ৰ গ’লটো কৰে।

প্ৰতিযোগিতাখনত অপৰাজিত প্ৰদৰ্শন কৰা বাবে ভাৰতীয় দলটোৱে মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন (এফআইএইচ) পুৰুষৰ জুনিয়ৰ বিশ্বকাপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।

মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ভাৰতে ২০০৪, ২০০৮ আৰু ২০১৫ চনত জুনিয়ৰ এছিয়া কাপ হকী খিতাপ জিকিছিল। পাকিস্তানে বৰ্তমানলৈকে তিনিবাৰ (১৯৮৭, ১৯৯২ আৰু ১৯৯৬) প্ৰতিযোগিতা খন জিকিছে।

মেন অৱ দ্য মেচ হিচাপে বিবেচিত হোৱা ভাৰতীয় অধিনায়ক উত্তম সিঙে কয়, লীগ খেলখনত পাকিস্তানৰ সৈতে ড্ৰ হৈছিল। এইবাৰ তেওঁলোক সতৰ্ক আছিল। দলটোৱে ইমান দৰ্শকৰ সন্মুখত খেলখন খেলা নাছিল। সোনকালে গ’ল কৰাটো দলটোৰ বাবে লাভ জনক আছিল।

উল্লেখ্য যে, এছিয়া কাপ জয়ীৰ হোৱা পিছতেই হকী ইণ্ডিয়াৰ কাৰ্যবাহী পৰিষদে প্ৰতিজন খেলুৱৈৰ বাবে ২ লাখ টকা আৰু সহায়ক কৰ্মচাৰীৰ বাবে ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

লগতে পঢ়ক – ভিছা প্ৰদান নকৰাকৈ লৈ ভাৰত-চীনৰ মাজত বিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply