নিউজ ডেস্ক: ছিংগাপুৰত এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত শুকুৰবাৰে দেশখনৰ আদালতে এজন ভাৰতীয় নাগৰিকক এবছৰৰ কাৰাদণ্ড বিহে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে জীৱনান্দন গোবিন্দন নামৰ ৩০ বছৰীয়া যুৱকজনে যোৱা বছৰ ছিংগাপুৰত এগৰাকী ১১ বছৰীয়া নাবালিকাক যৌন উৎপীড়ন চলাইছিল।

আদালতে জনোৱা মতে যোৱা বছৰ ২৩ ফেব্ৰুৱাৰীত প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত গোবিন্দনে এগৰাকী ১১ বছৰীয়া শিশুক ঘৰলৈ আহি থকাৰ পথত যৌন নিৰ্য্যাতন চলায়।

উল্লেখযোগ্য যে ছিংগাপুৰৰ আইন মতে দেশখনত শিশুক যৌন উৎপীড়ন চলালে জৰিমনাসহ ৫ বছৰ পৰ্য্যন্ত কাৰাদণ্ড বিহাৰ নিয়ম আছে।

লগতে পঢ়ক – বিধানসভা নিৰ্বাচনৰ মাজতে উত্তৰপ্ৰদেশত প্ৰত্যাহাৰ সান্ধ্য আইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply