নিউজ ডেস্ক- ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব টি-২০ শৃংখলা। অহা ৩ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব টি-২০ শৃংখলা। দুয়োটা দলে ৫ খন টি-২০ মেচ খেলিব।

উল্লেখ্য যে, ভাৰতীয় টি-২০ দলটোৰ হার্দিক পাণ্ডিয়াই নেতৃত্ব দিব। এই দলটোত জ্যেষ্ঠ ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অংশগ্ৰহণ নকৰে। উক্ত দলটোত মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিভাশালী বাওঁহাতৰ বেটছমেন তিলক বার্মা হ’ব একমাত্র নতুন মুখ হ’ব। আনহাতে, বিগত দুটা ছিজনত হায়দৰাবাদৰ বাওঁহাতৰ বেটছমেন তিলক বাৰ্মাক মুম্বাই ইণ্ডিয়ানছ দলৰ অংশ হিচাপে দেখা গৈছে। তিলক বাৰ্মাৰ আইপিএলত ৪৭ খন মেচত ১৪২ তকৈ অধিক ষ্ট্ৰাইক ৰেট আছে।

লগতে পঢ়কঃ স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ

তাৰ প্ৰাকক্ষণত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় দল ঘোষণা কৰা হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলটো হৈছে- উইকেট কীপাৰ হিচাপে ঈশান কিষাণ, শুভমান গিল, যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, উপ-অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱ, উইকেট কীপাৰ হিচাপে সঞ্জু চেমচন, অধিনায়ক হার্দিক পাণ্ডিয়া, অক্সৰ পেটেল, যুজবেন্দ্র চাহাল, কুলদীপ যাদৱ, ৰবি বিষ্ণোই, অশ্বদ্বীপ সিং, উমৰণ মালিক, আৱেশ খান, মুকেশ কুমাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply