নিউজ ডেস্ক- ১৯৮ জন খেলুৱৈকে ধৰি ২৮০ জনীয়া ভাৰতীয় দলটোৱে ১২ জুনত জাৰ্মানীৰ বাৰ্লিনলৈ বিশেষ অলিম্পিক বিশ্ব ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হৈছিল।
ভ্ৰমণৰ পূৰ্বে দলটোৱে ৮ জুনত এক বিদায় অনুষ্ঠানত যুৱ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছিল।
এম.ৱাই.এ.এছ.-এ বিশেষ অলিম্পিকত ভাৰতীয় দলৰ অংশগ্ৰহণৰ বাবে ৭.৭ কোটি টকা লাভ কৰিছে। যিটো অনুষ্ঠানটোৰ বাবে সৰ্বশ্ৰষ্ঠ।
বিশ্ব অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাবলৈ দলটোৱে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এক প্ৰস্তুতি মূলক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। য’ত ১৯০ খন দেশৰ ৭০০০ ৰো অধিক খেলুৱৈ উপস্থিত থাকিব। ভাৰতীয় খেলুৱৈসকলে ১৭ ৰ পৰা ২৫ জুনলৈ চলিব লগা মেগা ইভেণ্টত ১৬ টা বিভিন্ন ক্ৰীড়াত যোগদান কৰিব।