নিউজ ডেস্ক : ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰীনৰ সোণৰ পদক। তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিলে ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰীনে।

ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰীনে থাইলেণ্ডৰ জিতপং জুটামাছক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ৫২ কেজি শাখাত সোণৰ পদক লাভ কৰে ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰীনে।

লগতে পঢ়ক – ঘোচ লৈ হাতে লোটে ধৰা পৰিল দুজন

ভাৰতীয় মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা পঞ্চম গৰাকী মহিলা বক্সাৰ নিখাত জাৰীন। মহিলা বক্সাৰ গৰাকীৰ এই সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে বক্সাৰ গৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply