নতুন দিল্লী – ভাৰতে এই বছৰ জিডিপিৰ ১.৭ শতাংশ পৰিবহণ আন্তঃগাঁথনিৰ বাবে ব্যয় কৰিব, যিটো আমেৰিকা আৰু ইউৰোপৰ বেছিভাগ দেশৰ তুলনাত প্ৰায় দুগুণ; যিটো কৃতিত্ব আনকি দ্য ইকনমিষ্ট কাকতেও দৃষ্টিনন্দনভাৱে উন্নত বুলি অভিহিত কৰিছে। এই সাফল্যই দেশৰ ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত আৰোহন কৰাৰ বাবে এক শক্তিশালী ভেটি প্ৰস্তুত কৰি দিব বুলিও উল্লেখ কৰিছে।

বিশ্বৰ মন্দাৱস্থাৰ মাজতে চাকৰি সৃষ্টি আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে এক শক্তিশালী গতি প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বিত্তীয় বৰ্ষৰ বাবে আন্তঃগাঁথনিৰ মূলধনী ব্যয় ১২২ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিছে।

চৰকাৰী তথ্য অনুসৰি, মোডী চৰকাৰে ৰে’লৱেৰ মূলধনী ব্যয়ৰ বাবে ২.৪ লাখ কোটি টকা আবণ্টন দিছে, যিটো ২০১৩-১৪ বিত্তীয় বৰ্ষৰ পৰিমাণতকৈ ৯ গুণ বেছি। এই পুঁজিj বেছিভাগেই ট্ৰেক নিৰ্মাণ, নতুন দবা নিৰ্মাণ, বৈদ্যুতিকৰণ, ষ্টেচনত সুবিধা উন্নয়নত ব্যয় কৰা হ’ব। ২০২৩-২৪ বৰ্ষৰ বাবে পথ নিৰ্মাণৰ বাবে দিয়া আবণ্টন ৩৬ শতাংশ বৃদ্ধি হৈ ২.৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। আঞ্চলিক বিমান সংযোগ উন্নত কৰাৰ বাবে অতিৰিক্ত ৫০টা বিমানবন্দৰ, হেলিপ’ৰ্ট, ৱাটাৰ এৰোড্ৰোম, আৰু উন্নত অৱতৰণস্থলী পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

চৰকাৰে বন্দৰ, কয়লা, তীখা, সাৰ, আৰু খাদ্য শস্য খণ্ডৰ বাবে অন্তিম আৰু প্ৰথম মাইলৰ সংযোগৰ বাবে ১০০টা গুৰুত্বপূৰ্ণ পৰিবহণ আন্তঃগাঁথনি প্ৰকল্প চিনাক্ত কৰিছে, য’ত বিনিয়োগ বৃদ্ধি কৰাৰ মনস্থ কৰিছে। ১ ফেব্ৰুৱাৰীত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণত কয় যে ব্যক্তিগত উৎসৰ পৰা ১৫ হাজাৰ কোটি টকাকে ধৰি ৭৫ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ’ব।

ইমান নিখুঁত পৰিমাণ আৰু গতিৰে অভূতপূৰ্ব আন্তঃগাঁথনিগত পৰিৱৰ্তনে ভাৰতক ২০২৫-২৬ চনৰ ভিতৰত ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ উচ্চাকাংক্ষা পূৰণ কৰাত সহায় কৰিব, যিটো আজিৰ ৩.৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত বৃদ্ধি পাইছে বুলি দ্য ইকনমিষ্টে শেহতীয়া সংখ্যাত প্ৰকাশ কৰিছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ মূলধনী ব্যয়ৰ প্ৰায় ১১ শতাংশ পথ আৰু ৰে’ল ৰে’ল বিভাগে লাভ কৰিব, যিটো ২০১৪-১৫ চনত ২.৭৫ শতাংশ আছিল।

আন্তঃগাঁথনি যদি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ হ’লহেঁতেন, তেন্তে বিত্ত আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পিছতে এই বিভাগটোৰ বাজেট তৃতীয় বৃহত্তম হ’লহেঁতেন। এই “উদাৰমুখী ব্যয়”ৰ উল্লেখিত লক্ষ্য হৈছে ভাৰতৰ ভিতৰত লজিষ্টিক খৰচ আজিৰ জিডিপিৰ প্ৰায় ১৪ শতাংশৰ পৰা ২০৩০ চনৰ ভিতৰত ৮ শতাংশলৈ হ্ৰাস কৰা, এই কথাও উল্লেখ কৰিছে দ্য ইক’নমিষ্ট কাকতে।

আন্তঃগাঁথনিৰ ব্যয় বৃদ্ধিৰ সমান্তৰালভাৱে অভূতপূৰ্ব গতিৰে আমোলাতান্ত্ৰিক সংস্কাৰ সাধন কৰা হৈছে। তেওঁলোকক আৰ্থিক ক্ষমতা প্ৰদান কৰাৰ যোগেদি ৰঙা ফিটাৰ মেৰপেচ নাইকিয়া কৰা হৈছে। আন্তঃগাঁথনি ব্যয়ৰ মূল কথাটোত অন্তৰ্নিহিত হৈ আছে – প্ৰথমখন থলুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা তথা প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ বিজুলী বেগেৰে গতি কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰি মুম্বাই আৰু দিল্লীৰ মাজত আৰু পঞ্জাৱ আৰু পশ্চিমবঙ্গৰ মাজত দুটা নতুন মালবাহী কৰিডৰ, বিদ্যুৎচালিত ট্ৰেকলৈকে… বছৰি ১০,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, বিমানবন্দৰৰ সংখ্যা বৃদ্ধি, বিদ্যুৎ উৎপাদন বৃদ্ধি আৰু দুৰ্গম এলেকাবোৰলৈ ব্ৰডবেণ্ড ইণ্টাৰনেট সংযোগ স্থাপন আদি।

ভাৰতে বিগত আঠ বছৰত ৫০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোজন কৰিছে, যিটো পূৰ্বৰ আঠ বছৰৰ তুলনাত দুগুণ। গ্ৰাম্য পথৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন সাধন কৰা হৈছে। উল্লেখ্য যে ২০১৪ চনত গ্ৰাম্য পথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৩,৮১,০০০ কিলোমিটাৰৰ পৰা ২০২৩ চনত ৭,২৯,০০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। একে সময়ছোৱাতে বিমানবন্দৰৰ সংখ্যাও দুগুণ বৃদ্ধি পাই ১৪৮ হৈছেগৈ। কেৱল সেয়াই নহয়, বিমান পৰিবহনৰ ক্ষেত্ৰত ঘৰুৱা যাত্ৰীৰ সংখ্যা ২০১৩ চনত ৬ কোটি থকাৰ বিপৰীতে দেশত কৰ’না মহামাৰীয়ে আহুকাল সৃষ্টি কৰাৰ পূৰ্বে ২০১৯ চনত ১৪১ নিযুত হৈছিল। অহা ১০ বছৰত যাত্ৰীৰ যাতায়তৰ সংখ্যা ৪০ কোটিলৈ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

এই সময়ছোৱাতে, বিদ্যুৎ উৎপাদন ক্ষমতা ২২ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২২ চনলৈকে পাঁচ বছৰত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, নবীকৰণযোগ্য শক্তি স্থাপন ক্ষমতাৰ ক্ষেত্ৰত ভাৰত সম্প্ৰতি বিশ্বৰ ৪ৰ্থ বৃহত্তম দেশ হিচাপে অভিহিত হৈছে। আনফালে, ব্ৰডবেণ্ড সংযোগ ২০১৪ চনত ৬ কোটি ১০ লাখৰ পৰা যোৱা বছৰ ৮১.৬ কোটিলৈ বৃদ্ধি হৈছে। ২০১৬ চনত আৰম্ভ কৰা মোবাইল ভিত্তিক পেইমেণ্ট ব্যৱস্থাই ডিজিটেল লেনদেনৰ অৰ্ধেকতকৈও বেছি কাম কৰে।

দ্য ইকনমিষ্টে লগতে উল্লেখ কৰিছে যে নতুন পৰিবহণ আন্তঃগাঁথনিৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত মোডীৰ বিশ্বাস ভালদৰেই বিচাৰ কৰা হৈছে। ভাৰতৰ কাঙ্খিত উচ্চহাৰৰ বিকাশৰ ক্ষেত্ৰত ই হ’ব এক পূৰ্বচৰ্ত। ই এক উত্তৰণমুখী জোৱাৰ, যিয়ে ভাৰতৰ সকলো শ্ৰেণীকে একত্ৰে সামৰি ল’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply