নিউজ ডেস্ক: ভাৰতত প্ৰথমবাৰৰ বাবে আজি টেক কোম্পানী এপলৰ অফিচিয়েল দোকান মুকলি কৰা হয়। কোম্পানীটোৰ CEO টিম কুকে আজি মুম্বাইত কোম্পানীটোৰ প্ৰথমখন ফ্লেগশ্বিপ ৰিটেইল ষ্ট’ ৰোমৰ উদ্বোধন কৰে।

এই দোকানখন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ জিঅ’ ৱৰ্ল্ড ড্ৰাইভ ম’লত মুকলি কৰা হৈছে। আজি ভাৰতত এপলৰ দোকান মুকলি কৰাৰ পিছত এতিয়া বিশ্বৰ ২৫ খন দেশত মুঠ ৫৫১ খন দোকান হৈছে গৈ। ইফালে, ২০ এপ্ৰিলত দিল্লীৰ চাকেতটো ভাৰতত দ্বিতীয় খন এপলৰ দোকান মুকলি কৰা হ’ব।

এপলৰ মুম্বাই আউটলেট খনৰ নাম এপল BKC ৰখা হৈছে। এই দোকানখনৰ ডিজাইন চহৰখনৰ আইকনিক ‘ক’লা-হালধীয়া’ টেক্সিৰ দ্বাৰা অনুপ্ৰাণিত। জানিব পৰা অনুসৰি,  ইয়াৰ মাহিলী ভাড়া হৈছে ৪২ লাখ টকা। ভাড়া প্ৰতি তিনি মাহত পৰিশোধ কৰা হ’ব।

এতিয়া বহুলোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে, ভাৰতত ইতিমধ্যে এপলৰ বহুতো এপলৰ দোকান আছে, ইয়াত কি নতুন আছে? আচলতে, এই মুহূৰ্তত এপল সামগ্ৰী বিক্ৰী কৰা সকলো দোকান এপল কোম্পানীৰ প্ৰিমিয়াম ৰিচেলাৰ। প্ৰিমিয়াম ৰিচেলাৰ হৈছে তৃতীয় পক্ষৰ দোকান যি এপলৰ ডিভাইচবোৰ বিক্ৰী কৰিবলৈ এপলৰ পৰা অনুজ্ঞাপত্ৰ পায়।

লগতে পঢ়ক – প্ৰতীক্ষা ৰাণী বৰগোঁহাঞিলৈ লতাশিলৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply