চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি(CMIE)য়ে দেওবাৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছে যে ২০২২ চনৰ ডিচেম্বৰত ভাৰতৰ নিবনুৱাৰ হাৰ ৮.৩০% লৈ বৃদ্ধি পাইছে। আশ্চৰ্যজনকভাৱে, এই বৃদ্ধি যোৱা 16 মাহত সৰ্বাধিক বুলি নথিভুক্ত কৰা হৈছে।
প্ৰতিবেদনত দাবী কৰা অনুসৰি, নগৰীয়া নিবনুৱাৰ হাৰ নৱেম্বৰ মাহত ৮.৯৬%ৰ পৰা ১০.০৯% লৈ বৃদ্ধি হৈছে। আনহাতে, গ্ৰাম্য নিবনুৱাৰ হাৰ ৭.৫৫%ৰ পৰা ৭.৪৪%লৈ হ্ৰাস পাইছে।
তথাপিও, চি.এম.আই.ই.(CMIE)ৰ পৰিচালনা সঞ্চালক মহেশ ব্যাসে উল্লেখ কৰিছিল যে নিবনুৱাৰ হাৰ বৃদ্ধিত ‘চিন্তিত হ’বলৈ একো নাই’। কিয়নো ই শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰৰ এক স্বাস্থ্যকৰ বৃদ্ধিৰ শীৰ্ষত আহিছিল যি ডিচেম্বৰত প্ৰায় ৪০.৪৮% স্পৰ্শ কৰিছিল।
ব্যাসে লগতে কয় যে “আটাইতকৈ গুৰুত্বপূৰ্ণ কথা টো হ’ল, ডিচেম্বৰত নিযুক্তিৰ হাৰ ৩৭.১% লৈ বৃদ্ধি পাইছে, যিটো পুনৰ জানুৱাৰী ২০২২ৰ পিছত সৰ্বাধিক হয়।”
তদুপৰি, চৰকাৰী ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়(NSO)ৰ দ্বাৰা সংকলিত আৰু নৱেম্বৰত মুকলি কৰা পৃথক ত্ৰৈমাসিক তথ্য অনুসৰি, জুলাই-ছেপ্টেম্বৰ এই তিনিমাহত নিবনুৱাৰ হাৰ আগৰ তিনিমাহৰ(৭.৬%)ৰ তুলনাত (৭.২%)লৈ হ্ৰাস পাইছিল।
ইয়াৰ বিপৰীতে, ডিচেম্বৰত মাহত চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি(CMIE)ৰ তথ্য অনুসৰি হাৰিয়ানাত নিবনুৱাৰ হাৰ প্ৰায় ৩৭.৪% লৈ বৃদ্ধি হয়, ৰাজস্থানত ২৮.০৫% আৰু দিল্লীত ২০.০৮% বৃদ্ধি হয়।