সিদ্ধাৰ্থ শংকৰ ডেকা

“বিশ্বকাপৰ আগত আমি এই কথা নিশ্চিত কৰিব লাগিব যাতে ভাৰতে এছিয়ান কাপৰ বাবে নিয়মীয়াকৈ কোৱালিফাই কৰে৷”

ভাৰতীয় পুৰুষ ফুটবল দলৰ প্ৰাক্তন তাৰকা মিডফিল্ডাৰ ইউজেনছেন লিংডোৰ এই মন্তব্য অত্যন্ত তাৎপৰ্যপূৰ্ণ ৷ ভাৰতে ৰচা বিশ্বকাপ ফুটবলৰ সপোনৰ লগত এই কথাৰ নিকট সম্পৰ্ক আছে ৷ কিয়নো বিশ্বকাপ ফুটবলত ভাৰতে হঠাতে জঁপিয়াই পৰিব নোৱাৰে ৷ তাৰ বাবে ঢাপে ঢাপে আগবাঢ়িব লাগিব ৷ ফুটবলেই হৈছে ঢাপে ঢাপে যোগ্যতাৰ ভিত্তিত আগবঢ়া খেল য’ত কোনো চমু বাট নাই । কিন্তু আমাৰ ইয়াত ফুটবল বুলিলেই পোনছাটে বিশ্বকাপৰ অৱতাৰণা কৰা হয় ৷ ইয়াত অজ্ঞতা আৰু কূটকৌশল দুয়োটাই আছে ৷ ক্ৰিকেট উন্মাদ দেশ এখনত সকলো কথাই ক্ৰিকেটৰ জলঙাৰে চোৱাৰ এটা বদঅভ্যাস আছে ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বিতা আৰু উত্তৰণৰ বেলিকা ক্ৰিকেট আৰু ফুটবলৰ মাজত থকা মৌলিক পাৰ্থক্যখিনি নজনাকৈ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে কৰা চৰ্চাই ভাৰতীয় ফুটবলৰ মৌলিক কেৰোণবোৰো ঢাকি থোৱাত সহায় কৰিছে ৷ লাভ কাৰ হৈছে সেয়া সহজে অনুমেয় ৷

এতিয়া আহোঁ এছিয়ান কাপলৈ ৷ কিয় এছিয়ান কাপৰ বাবে নিয়মীয়াকৈ অৰ্হতা আহৰণ ভাৰতীয় ফুটবলৰ বাবে অতি গুৰুত্বপূৰ্ণ সেই কথা আলোচনা কৰা অতি প্ৰয়োজনীয় ৷ এএফচি এছিয়ান কাপ হৈছে এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতা ৷ ঠিক উৱেফা ইউৰো বা কোপা আমেৰিকাৰ দৰে ৷ ১৯৫৬ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ভাৰতে যোগ্যতা আহৰণ কৰিছে মাত্ৰ ৫বাৰ, ২০২৩ চনত হ’ব লগা প্ৰতিযোগিতাকে ধৰি ৷ যিখন দেশে আজিলৈকে মহাদেশীয় প্ৰতিযোগিতাত নিয়মীয়াকৈ যোগ্যতা আহৰণ কৰিব পৰা নাই সেই দেশে বিশ্বকাপৰ সপোন দেখাটোৱেই দেখুৱাই দিয়ে আমাৰ ভুলটো ক’ত ৷ ইয়াৰ বিপৰীতে বিশ্বকাপ ফুটবলত এছিয়াৰ হৈ নিয়মীয়াকৈ খেলা দেশ জাপান, দক্ষিণ কোৰিয়া বা ইৰানৰ এছিয়ান কাপৰ বুৰঞ্জী চাওঁক ৷ ভুলটো জলজলপটপটকৈ ওলাব ৷

এছিয়ান কাপত ৪৬খন দেশে মূল ৰাউণ্ডৰ ২৪টা স্থানৰ বাবে চাৰিটা ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰে ৷ ইয়াৰে প্ৰথম দুটা ৰাউণ্ড বিশ্বকাপ ফুটবলত এছিয়াৰ পৰা যোগ্যতা আহৰণ কৰা দেশ বাছনিতো ব্যৱহাৰ হয় ৷ গতিকে এটা কথা স্পষ্ট যে ভাৰতে এতিয়ালৈ এছিয়াৰ শ্ৰেষ্ঠ ২৪খন দেশৰ ভিতৰতো নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ আজিৰ তাৰিখত ফিফা ৰেংকিঙত এছিয়াৰ ভিতৰত ভাৰতৰ স্থান ১৯ যদিও সেয়া এছিয়াৰ শ্ৰেষ্ঠ দলবোৰৰ এলিট গোটক প্ৰত্যাহ্বান জনাবলৈ পৰ্যাপ্ত নহয় ।

বিশ্বকাপত ২০২২চনলৈ এছিয়াৰ বাবে আবন্টিত শ্লটৰ সংখ্যা ৪.৫ (চাৰিটা পোনপটীয়া শ্লট আৰু এটা আন্তঃ কনফেডাৰেচন প্লেঅফ্‌ শ্লট) ৷ কিন্তু ২০২৬ চনৰ বিশ্বকাপৰ বাবে ফিফাই কৰা সালসলনিয়ে ভাৰতৰ বাবে বহু কথাই সলনি কৰি দিব পাৰে ৷ ২০২৬ৰপৰা বিশ্বকাপত ৩২খনৰ সলনি ৪৮ খন দেশক খেলিবলৈ দিয়া হ’ব ৷ এছিয়াৰপৰা খেলিব ৯খন দেশে ৷ ৮খন পোনপটীয়াকৈ আৰু এখনে সুযোগ পাব প্লেঅফ্‌ খেলি ৷ অৰ্থাৎ এতিয়াৰ আৰু ৫খন দেশ সোমাব এছিয়াৰ শ্লটত। গতিকে ভাৰতে নিজৰ সম্ভাৱনা বৃদ্ধিৰ সুযোগ পোৱাটো নিশ্চিত ৷ কিন্তু তাৰ বাবে ভাৰত এছিয়াৰ শ্ৰেষ্ঠ ৯খন দেশৰ ভিতৰত থাকিব লাগিব ৷ আজিৰ তাৰিখত ফিফা ৰেংকিঙৰ দৃষ্টিৰে চালে ভাৰত ১৯ নম্বৰত ৷ অৰ্থাৎ বিশ্বকাপৰ সম্ভাৱনা বঢ়াবলৈ আৰু ভাৰত ১০টা স্থান ওপৰলৈ যাব লাগিব ৷

ইয়াতেই প্ৰথমে এছিয়াত নিজক প্ৰমাণ কৰাৰ গুৰুত্ব আহি পৰে ৷ এছিয়াৰ ভিতৰত শ্ৰেষ্ঠ হ’বলৈ ভাৰত প্ৰথমে দক্ষিণ এছিয়াৰ শ্ৰেষ্ঠ হ’ব লাগিব ৷ সেইবাবেই প্ৰথম খণ্ডত ছাফ প্ৰতিযোগিতাৰ গুৰুত্বৰ কথা কোৱা হৈছিল ৷ যেতিয়ালৈ ভাৰতে বাংলাদেশ বা নেপালক অনায়াসে আৰু নিয়মীয়াকৈ হৰুওৱাৰ যোগ্যতা আহৰণ কৰিব নোৱাৰে তেতিয়ালৈ ভাৰতে এছিয়াৰ সপোন দেখা উচিত নহয় ৷ আজিৰ তাৰিখত ভাৰততকৈ বেছি দীৰ্ঘম্যাদী আৰু ভৱিষ্যদৰ্শী পৰিকল্পনা লৈ আগবঢ়া দেখা গৈছে বাংলাদেশে ৷ পুৰুষ বা মহিলা, ক্লাব বা দেশ সকলো পৰ্যায়তে বাংলাদেশে ভাৰতক চেৰ পেলাবলৈ ধৰিছে ৷ তেনেস্থলত পৰিকল্পনা আৰম্ভণিৰপৰা কৰিব লাগিব ৷

ভাৰতীয় ফুটবলৰ সমস্যাটো হ’ল কামবোৰ ওপৰৰ পৰা কৰা হয় ৷ কৰিব লাগে তলৰপৰা ৷ ভেটি সবল নহ’লে ঘৰো সবল নহয়, কথাটো পাহৰি যোৱা হয় । যদি আমি ২০২৬ত কোৱালিফাই কৰিম বুলি সপোন দেখিছোঁ সেয়া বাস্তৱসন্মত নহয় ৷ আমাৰ সপোন হ’ব লাগে ২০২৭ৰ এছিয়ান কাপৰ বাবে অনায়াসে যোগ্যতা আহৰণ ৷ কিয়নো বিশ্বকাপ আৰু এছিয়ান কাপৰ যোগ্যতা নিৰ্ণায়ক ৰাউণ্ড একেলগেই চলে ৷ আমি ইয়াত সুন্দৰ প্ৰদৰ্শন কৰা মানেই বিশ্বকাপৰ বাবে ঢাপে ঢাপে আগুওৱা ৷ সেই চিন্তাৰে আগবঢ়াটোহে বাস্তৱসন্মত কথা হ’ব ৷

ভাৰতীয় ফুটবলৰ অগ্ৰগতি কিমান স্থবিৰ তাৰ প্ৰমাণ ২৪ ছেপ্টেম্বৰত হোৱা ত্ৰিদেশীয় প্ৰতিযোগিতাৰ এখন মেচত ছিংগাপুৰৰ দৰে ফিফা ৰেংকিঙৰ ১৫৯ নং স্থানৰ দেশৰ বিৰুদ্ধে ১০৪নং স্থানৰ ভাৰতে খেলা ড্ৰ ৷ মন কৰিব যে এই প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী আনখন দেশ ভিয়েটনামে ছিংগাপুৰক ৪-০ গ’লত হৰুৱাইছিল ৷ ভিয়েটনামৰ ফিফা ৰেংকিং ভাৰততকৈ মাত্ৰ ছটা স্থান ওপৰত, ৯৭ ৷ বিগত বছৰসমূহত ভিয়েটনামৰ যুৱ দলসমূহৰ প্ৰদৰ্শন চমকপ্ৰদ ৷ মূলতঃ গ্ৰাছৰুটছ আৰু যুৱ উন্নয়নত হোৱা বিনিয়োগ আৰু ৭/৮ মাহ ধৰি প্ৰ’ম’চন/ৰেলিগেচন ব্যৱস্থা থকা ৰাষ্ট্ৰীয় লীগৰ সুবাদত ভিয়েটনামৰ ফুটবল সন্তৰ্পণে ওপৰলৈ উঠি আছে ৷ এতিয়া ভিয়েটনামে এছিয়াৰ অন্যতম আকৰ্ষণীয় ফুটবল খেলে বুলি কোৱা হয় ৷ দক্ষিণ পূব এছিয়াত আধিপত্য প্ৰতিষ্ঠা কৰাৰ পাছত এতিয়া দেশখনে এছিয়াৰ মহাশক্তিসমূহক প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়িছে । বিশ্বকাপ কোৱালিফায়াৰ্ছত জাপানৰ লগত ড্ৰ খেলি দেশখনে ইয়াৰ প্ৰমাণ দিছে ৷

ইয়াৰ বিপৰীতে ভাৰতত আশাৰ ৰেঙণি মাজে মাজে ওলালেও মূলতঃ সকলো অস্পষ্ট ৷ দেশৰ ৰাষ্ট্ৰীয় লীগ ব্যৱস্থা কেতিয়া প্ৰমোচন/ৰেলিগেচনৰ সৈতে সম্পূৰ্ণ যোগ্যতাভিত্তিক হ’ব তাৰ নিশ্চিতি ফুটবল ফেডাৰেচনৰ নতুন সভাপতিয়েও দিব পৰা নাই ৷ কোভিডৰ বাবে দেশত যুৱ লীগবোৰ হোৱা নাই ৷ হয়তো শীঘ্ৰে হ’ব ৷ কিন্তু পূৰ্বৰ ফৰ্মেটত যোগ্যতাতকৈ বেছি পুঁজিৰ জোৰ বেছি আছিল ৷ সেইবোৰ শিথিল কৰি দেশজোৰা যুৱ লীগ গঢ় দি তাৰ পৰা এলিট ডিভিজনলৈ প্ৰমোচনৰ ব্যৱস্থা কৰিলে সুফল পোৱা যাব ৷ সবাতোকৈ ডাঙৰ কথা হৈছে দেশৰ ৫-৬ বছৰীয়া শিশুসকলক ফুটবল সংস্কৃতিৰ অংগ কৰাটো ৷ এইক্ষেত্ৰত বেবী লীগ এক আশাৰ বতৰা ৷ ইয়াৰ সৰ্বব্যাপী প্ৰসাৰ আৰু বিকাশ জৰুৰী ৷ তাৰ লগত আধুনিক প্ৰশিক্ষণ ব্যৱস্থাৰে একাডেমীসমূহক উন্নীত কৰাত সহায় কৰাটোও জৰুৰী ৷

ভাৰতীয় ফুটবলৰ গতি ঊৰ্দ্ধমুখী হোৱাটো নিৰ্ভৰ কৰিব আজিৰ তাৰিখত ১০ৰপৰা ২০ বছৰৰ বাবে লোৱা পৰিকল্পনাৰ ওপৰত, যি পৰিকল্পনা হ’ব লাগিব তলৰপৰা ওপৰলৈ সকলো স্তৰত সমান মনোযোগেৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply