নিউজ ডেস্ক: ভাৰতৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া’ সন্মানেৰে সন্মানিত কৰিছে। ভাৰতীয় দূতাবাসৰ দায়িত্বত থকা অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত বেৰী অ’ফাৰেলে পদকতো ৰতন টাটাক প্ৰদান কৰে।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত বিশেষকৈ বাণিজ্য, ব্যৱসায়, দানশীলতাৰ দৰে ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰুপে তেওঁক এই সন্মান জনোৱা হয়।

ৰাষ্ট্ৰদূত বেৰী অ’ফাৰেলে ৰতন টাটাক ‘অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া’ প্ৰদান কৰা মুহুৰ্তখিনি টুইটযোগে শ্বেয়াৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply