নিউজ ডেস্ক: জনপ্ৰিয় এপ ইনষ্টাগ্রাম বন্ধ হোৱাৰ এক তথ্য পোহৰলৈ আহিছে। এই কথা সদৰি কৰিছে DownDetector নামৰ এটা চাইটে।

প্ৰাপ্ত তথ্য অনুসৰি ৫৬ শতাংশ ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্রাম এপটোৰ সৈতে সমস্যাত পৰিছে। আনহাতে ২৩ শতাংশ ব্যৱহাৰকাৰীয়ে লগ ইনত অসুবিধাৰ সন্মুখীন হৈছে। ২১ শতাংশ ব্যৱহাৰকাৰীয়ে চাৰ্ভাৰ ডাউনৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে বিগত মাহতো ইনষ্টাগ্রাম কেইবাঘণ্টা ধৰি ডাউন হৈ পৰিছিল। যাৰ ফলত ব্যৱহাৰকাৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আউটেজ ট্রেকিং ৱেবছাইট DownDetectorৰ তথ্য অনুসৰি ২১ মে’ত ৯৮ হাজাৰতকৈও অধিক ব্যৱহাৰকাৰীৰ একাউন্ট ডাউন হৈ পৰে।

প্ৰাপ্ত বাতৰি অনুসৰি আমেৰিকাত এক লাখ,  কানাডাত ২৪ হাজাৰ আৰু ব্ৰিটেইনত ৫৬ হাজাৰ ব্যৱহাৰকাৰী প্ৰভাৱিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply