নিউজ ডেস্ক: কৰ্ম ব্যস্ততাৰ মাজত একাপ চাহে দেহটো সতেজ কৰি তুলে নহয়নে বাৰু? ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়ালৈকে একাপ চাহ খুৱাটো সকলোৰে বাবে প্ৰিয়!

আজি হৈছে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস । ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে প্ৰতি বছৰে উদযাপন কৰি আহিছে। প্ৰতি বছৰে ২১ মে’ তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস।

এই দিৱসৰ মূল লক্ষ্য চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বত চাহে পেলোৱা গভীৰ সংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰোৱা। ইয়াৰ লগতে চাহৰ বহনক্ষম উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহ গ্ৰহণৰ গুৰুত্ব আৰু পানীয় হিচাপে ব্যবহাৰ কৰি বিশ্বৰ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সজাগতা সৃষ্টি কৰা আন্তৰ্জাতিক চাহ দিৱসৰ এক মুখ্য উদ্দেশ্য।

উল্লেখ্য যে ২০০৫ চনৰ পৰা চাহ উৎপাদনকাৰী দেশ সমূহ যেনে: ভাৰত, শ্ৰী লংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ, কেনিয়া, মালাৱী, মালয়েছিয়া, উগাণ্ডা আৰু টাঞ্জানিয়ায়ে ১৫ ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰি আহিছিল।

২০০৪ চনত ৱৰ্ল্ড ছচিয়েল ফৰামত কেইজনমান ভাৰতীয় ব্যক্তিৰ প্ৰচেষ্টাত ২০০৫ চনত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰা হৈছিল। ২০১৯ চনলৈ আন্তৰ্জাতিক চাহ দিৱস বিশেষকৈ চাহ উৎপাদনকাৰী দেশ সমূহত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হৈছিল যদিও ২০২০ চনৰ পৰা প্ৰায়ভাগ দেশতে উদযাপন কৰিবলৈ আৰম্ভ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply