নিউজ ডেস্ক: পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ ছুৰাচান্দপুৰ। মণিপুৰত ৫ দিনৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। সমগ্ৰ মণিপুৰত এতিয়া সেনাৰ ফ্লেগমাৰ্চ। ক্ষতিগ্ৰস্ত লোকক আশ্ৰয় দিছে সেনাই। ৭৫০০তকৈও অধিক নাগৰিকক নিৰাপদ স্থানলৈ স্থানান্তৰৰ বাবে ভাৰতীয় সেনা,  অসম ৰাইফলছৰ অভিযান অব্যাহত আছে।

অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত হোৱা হিংসাত্মক ঘটনাৰ পিছত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত উত্তেজনা অব্যাহত থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যখনৰ প্ৰশাসন তথা চৰকাৰৰ।

জানিব পৰা মতে, পাহাৰীয়া সম্প্ৰদায়ৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। পথৰ কাষত থকা নিৰ্দিষ্ট সম্প্ৰদায়ৰ যুৱক-যুৱতীক লক্ষ্য কৰি আন একাংশই কৰা মন্তব্যৰ পৰাই সূত্ৰপাত হয় সংঘৰ্ষৰ। ঘটনাক কেন্দ্ৰ কৰি এটা সম্প্ৰদায়ৰ সম্পত্তি জ্বলাই দিয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। যাৰ ফলত ৰাজ্যিক নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

মণিপুৰৰ জনজাতীয় সংস্থা মেইটেই সম্প্ৰদায়ক অনুসূচীত জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংহতি পদযাত্ৰাৰ আয়োজন কৰিছিল। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে সেনাপতি, উখৰুল, কাংপোকপি, তামেংলং, চুৰাচান্দপুৰ, চান্দেল আৰু টেংনুপাল পাহাৰীয়া জিলাসমূহত এই পদযাত্ৰাৰ কথা ঘোষণা কৰে। য’ত ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশ লোকে অংশগ্ৰহণ কৰে।

উক্ত পদযাত্ৰাত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ অভিযান চলোৱা কাৰ্যক লৈ মাত মাতিছিল সাধাৰণ জনতাই। এনে কেইবাটাও কাৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়াত উত্তপ্ত হৈ পৰে প্ৰতিবাদ স্থলী। তেতিয়াৰ পৰাই আজি পৰ্যন্ত একপ্ৰকাৰৰ অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে মণিপুৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply