নিউজ ডেস্ক: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে মঙলবাৰে দেশখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।

আল-কাদিৰ ট্ৰাষ্টৰ গোচৰত ইছলামবাগ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা প্ৰাক্ত প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সময়তে মঙলবাৰে সমগ্ৰ দেশতে টুইটাৰ, ফেচবুক আৰু ইউটিউব নিষিদ্ধ কৰা বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

ইফালে মানৱ অধিকাৰ সংগঠন এম্নেষ্টী ইণ্টাৰনেশ্যনেলে পাকিস্তান চৰকাৰক দেশত ইণ্টাৰনেট সেৱা আৰু টুইটাৰ, ফেচবুক আৰু ইউটিউবৰ সুবিধা পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনায়।

তেওঁলোকৰ অফিচিয়েল টুইটাৰত কয়, “ইমৰাণ খানৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ বৃদ্ধি পোৱাৰ মাজতে পাকিস্তানী কৰ্তৃপক্ষই মোবাইল ইণ্টাৰনেট আৰু ফেচবুক, টুইটাৰৰ ব্যৱহাৰ বন্ধ কৰি দিয়াৰ বাতৰিত এম্নেষ্টী ইণ্টাৰনেশ্যনেল আতংকিত হৈ পৰিছে।”

টুইটটোত লিখিছে “ইয়াৰ ফলত মানুহৰ তথ্য আৰু মত প্ৰকাশৰ স্বাধীনতা সীমিত হৈ পৰিছে। আমি পাকিস্তানৰ দূৰসংযোগ কৰ্তৃপক্ষ আৰু স্বৰাজ মন্ত্ৰালয়ক এই নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই ল’বলৈ আহ্বান জনাইছো।’’

উল্লেখ্য যে ইছলামবাগ উচ্চ ন্যায়ালয়ৰ বাহিৰত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় ইমৰাণ খানক। ২০২২ বৰ্ষৰ এপ্ৰিল মাহত ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ পিছত ইমৰান খান শতাধিক গোচৰত জড়িত হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply