নিউজ ডেস্ক : সমগ্ৰ দেশ নহয়, সমগ্ৰ বিশ্ব জোকাৰি যোৱা এক জঘন্য ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰত। নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যক সমৰ্থন কৰাৰ বাবেই এজন যুৱকক নৃশংস ভাৱে ডিঙি ৰেপি হত্যা। দিন দুপৰতে উদয়পুৰত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাজস্থানৰ উদয়পুৰত সংঘটিত হোৱা এই জঘন্য ঘটনাৰ পিছত ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উত্তেজনাই বিৰাজ কৰিছে। ইতিমধ্যে ৰাজস্থানৰ উদয়পুৰত দোকান-পোহাৰ বন্ধ কৰি দিয়া হৈছে। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষীক সতৰ্ক থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি নকৰাৰ আহ্বান জনাইছে।

ইফালে এই ঘটনাৰ তদন্তৰ বাবে এক উচ্চস্থৰীয় কমিটি গঠন কৰা হৈছে। এই কমিটিয়ে ঘটনাৰ তদন্তৰ বাবে কেইবাটাও আলোচনাত মিলিত হৈছে। ইফালে এই ঘটনাৰ প্ৰাৰম্ভিক তদন্তত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। ৰাজস্থান আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে হিংসা সৃষ্টিৰ উদ্দেশ্যে এই কাণ্ড সংঘটিত কৰা হৈছে।

লগতে পঢ়ক – পহুমাৰা নৈৰ সোঁতে উটুৱাই নিলে গড়কাপ্তানি পথৰ এটা অংশ

নৃশংস হত্যাকাণ্ডৰ লগত জড়িত যুৱক দুজনৰ বিদেশৰ লগত সম্পৰ্ক থকা বুলিও পোহৰলৈ আহিছে। এই সম্পৰ্কে এক টুইটযোগে জানিবলৈ দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। উল্লেখ্য যে নিলম্বিত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগত কানহাইয়া লাল নামৰ দৰ্জীজনক হত্যা কৰা হৈছিল। ঘটনাটোক “বেদনাদায়ক” আৰু “লজ্জাজনক” বুলি অভিহিত কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply