নিউজ ডেস্কঃ বৰষুণে বিধি পথালি দিলে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া আই পি এল-২৩ ৰ ফাইনেল মেচখনত। সেইবাবে চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন অনুষ্ঠিত কৰিব পৰা নগ’ল।

নেৰানেপেৰা বৰষুণৰ ফলতেই আম্পায়াৰে মেচখন ৰিজাৰ্ভ ডে লৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। অৰ্থাৎ আজিৰ সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব আই পি এল-২৩ ৰ ফাইনেল মেচখন।

মন কৰিবলগীয়া যে, বৰষুণ বন্ধ হ’লেই খেল আৰম্ভ কৰাৰ বিষয়ে আই পি এলৰ অধ্যক্ষ অৰুণ ধুমালে জানিবলৈ দিছিল। তেওঁ কৈছিল যে, ৯.৩০ বজাৰ ভিতৰত ফাইনেল খেলখন আৰম্ভ কৰিব পাৰে তেন্তে সম্পূৰ্ণ ২০ অভাৰৰ খেলেই অনুষ্ঠিত হ’ব। যদিহে তাৰ পিচত খেল আৰম্ভ হয় তেন্তে অভাৰ হ্ৰাস কৰা হ’ব। কিন্তু নিশা ১১ বজাৰলৈ বৰষুণ হৈ থকাৰ বাবে অৱেশষত মেচখন ৰিজাৰ্ভ ডে লৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয় আম্পায়াৰে।

উল্লেখ্য যে, চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰলৈ আই পি এলৰ খিতাপ জিনিব নে গুজৰাট টাইটানছে খিতাপ দ্বিতীয়বাৰৰ বাবে অক্ষুণ্ণ ৰাখিব, তাৰ বাবে সকলোৱে আজি সন্ধিয়ালৈ অপেক্ষা কৰিব লাগিব ক্ৰিকেট প্ৰেমীয়ে।

লগতে পঢ়ক – আই পি এলৰ পৰা অৱসৰ ঘোষণা অম্বাতি ৰায়ুডুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply