নিউজ ডেস্কঃ বিধি পথালি দিছে IPL ৰ আজি ফাইনেল খেলখন। বৰষুণ এই পৰ্যায় লৈকে পাইছে গৈ যে, এতিয়ালৈকে ফাইনেল মেচখনৰ বাবে টছেই কৰিব পৰা নাই।

টছ কৰিব যদিওবা পৰা নাই তথাপিও বৰষুণ সমাপ্ত হোৱালৈ অপেক্ষা কৰিব বুলি আই পি এলৰ অধ্যক্ষ অৰুণ ধুমালে জানিবলৈ দিছে। তেওঁ কৈছে যে, বৰষুণ বন্ধ হলেই খেল আৰম্ভ কৰিব। নিশা ১২.৩০ বজালৈ অপেক্ষা কৰিব বুলি জনাইছে।

ইয়াৰোপৰি, যদিহে ৯.৩০ বজাৰ ভিতৰত ফাইনেল খেলখন আৰম্ভ কৰিব পাৰে তেন্তে সম্পূৰ্ণ ২০ অভাৰৰ খেলেই অনুষ্ঠিত হ’ব বুলি ধুমালে জনাইছে। যদি তেনে নহয় তেন্তে চুপাৰ অভাৰ জৰিয়তে IPL-২০২৩ ৰ চূড়ান্ত বিজয়ী নিশ্চিত কৰিব।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া ফাইনেল মেচখন চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব। দল দুটাৰ সমৰ্থকসকল এতিয়াও আশাৰে বাট চাই ৰৈছে খেল খন আৰম্ভ হোৱাৰ বাবে।

লগতে পঢ়ক – নতুন সংসদ ভৱন দেশৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply