গুৱাহাটী: চন্দ্ৰযান-৩ মহাকাশযানে অত্যাৱশ্যকীয় পৰীক্ষাসমূহ সফলতাৰে সম্পূৰ্ণ কৰিছে । ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ISRO)য়ে ভাৰতৰ অভিলাষী চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছে। চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই ।

এই মহাকাশযানখন জুলাই মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত মুকলি কৰাৰ কথা ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত চন্দ্ৰযান-৩ মহাকাশযানখনৰ অত্যাৱশ্যকীয় পৰীক্ষাসমূহ সফলতাৰে সম্পূৰ্ণ কৰিছিল যাৰ জৰিয়তে মহাকাশযানখনে উৎক্ষেপণৰ সময়ত সন্মুখীন হ’বলগীয়া কঠোৰ কম্পন আৰু শব্দৰ পৰিৱেশ সহ্য কৰিব পৰা ক্ষমতাক বৈধতা প্ৰদান কৰিছিল।

চন্দ্ৰযান-৩ মহাকাশযানখনৰ উৎক্ষেপণৰ মূল উদ্দেশ্য কথা ইছৰোৰ (ISRO) মুৰব্বী এছ সোমনাথে কয় যে “চন্দ্ৰযান-৩ ৰ প্ৰধান উদ্দেশ্য হ’ব এটা নিখুঁত লেণ্ডিং। তাৰ বাবে বহু কাম কৰা হৈছে, য’ত নতুন যন্ত্ৰ নিৰ্মাণ, উন্নত এলগৰিদম নিৰ্মাণ, বিফলতাৰ ধৰণৰ যত্ন লোৱা আদি কাম কৰা হৈছে।”

চন্দ্ৰযান-৩ ভাৰতৰ চন্দ্ৰযান প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ অংগ। এইটো চন্দ্ৰযান ১ আৰু চন্দ্ৰযান ২ৰ পৰৱৰ্তী অংশ, যিটো চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰি পৰীক্ষা কৰিব। চন্দ্ৰযান-২ৰ দৰেই দেখা যাব। ইয়াত থাকিব অৰ্বিটাৰ, লেণ্ডাৰ আৰু ৰভাৰ।

চন্দ্ৰ অভিযান কাৰ্যসূচীৰ তৃতীয়খন মহাকাশযান শ্ৰী হৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ গধুৰ উৎক্ষেপণ বাহন GSLV Mk III ৰ পৰা উৎক্ষেপণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply