নিউজ ডেস্ক: ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা অসমৰ সুযোগ্য সন্তান জাহ্নু বৰুৱাৰ পদাংক অনুসৰণ কৰি পুত্ৰ অজু বৰুৱাই বলীউড জগতত খোজ পেলাইছে । ১২ মে’ত মুক্তি পাব লগা “মিউজিক স্কুল” নামৰ ছবিখনত অভিনয় কৰিছে অজু বৰুৱাই। ছবিখন পৰিচালনা কৰিছে পাপাৰাও বিয়ালায়ে, আৰু সংগীত কৰিছে ইলিয়া ৰাজাই। বাংলা, হিন্দী, তামিল ভাষাত মুক্তি পাব লগা ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অজু বৰুৱাই । ছবিখনত হাষ্যৰস, ৰোমাঞ্চ, কমেডী এই সকলো দেখিবলৈ পোৱা যাব।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্য়ে চৰ্চা লাভ কৰা ছবিখন উপভোগ কৰিবৰ বাবে অজু বৰুৱাই অসমবাসীক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply