নিউজ ডেস্ক: ‘আজাদী কা অমৃত কাল’ৰ অধীনত জল জীৱন মিছনে (জেজেএম) দেশৰ ১২ কোটিতকৈও অধিক গ্ৰামীণ পৰিয়াললৈ টেপৰ জৰিয়তে সুৰক্ষিত আৰু বিশুদ্ধ খোৱা পানীৰ যোগান সুনিশ্চিত কৰাৰ এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট ২০১৯ তাৰিখে জল জীৱন মিছন মুকলি কৰাৰ কথা ঘোষণা সময়ত মাত্ৰ ৩.২৩ কোটি (১৬.৬৪%) গ্ৰামীণ পৰিয়ালেহে টেপৰ পানীৰ সংযোগ লাভ কৰিছিল।

বৰ্তমানলৈকে ৫খন ৰাজ্য (গোৱা, তেলেংগানা, হাৰিয়ানা, গুজৰাট আৰু পঞ্জাৱ) আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চল(পুডুচেৰী, দমন আৰু ডিউ আৰু দাদৰা আৰু নাগৰ হাভেলী আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ)ত ১০০% টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে। হিমাচল প্ৰদেশে ৯৮.৩৫% আৰু বিহাৰে ৯৬.০৫ শতাংশৰে এই দিশত অগ্ৰসৰ হৈছে। গোৱা, হাৰিয়ানা, পঞ্জাৱ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পুডুচেৰী, দাদৰা আৰু নাগৰ হাভেলী আৰু দমন আৰু ডিউ হৈছে ‘হৰ ঘৰ জল প্ৰমাণিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, অৰ্থাৎ এই ৰাজ্যসমূহ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত গাওঁবাসীয়ে গাঁও সভাৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে যে গাওঁসমূহৰ সকলো পৰিয়াল আৰু ৰাজহুৱা প্ৰতিষ্ঠানে পৰ্যাপ্ত, সুৰক্ষিত আৰু নিয়মীয়াকৈ পানীৰ যোগান লাভ কৰিছে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দেশৰ ৯.০৬ লাখ (৮৮.৫৫%) বিদ্যালয় আৰু ৯.৩৯ লাখ(৮৪%) অংগনৱাড়ী কেন্দ্ৰত টেপৰ পানী যোগানৰ ব্যৱস্থা নিশ্চিত কৰা হৈছে। মিছন আৰম্ভ হোৱাৰ সময়ত আমাৰ দেশৰ ১১২খন আকাংক্ষী জিলাত মাত্ৰ ২১.৬৪ লাখ(৭.৮৪%)পৰিয়ালেহে টেপৰ পানীৰ সুবিধা লাভ কৰিছিল। এতিয়া এই সংখ্যা ১.৬৭ কোটি (৬০.৫১%)লৈ বৃদ্ধি হৈছে।

তেলেংগানাৰ তিনিখন আকাংক্ষী জিলা(কোমাৰাম ভীম আচিফাবাদ, জয়শংকৰ ভূপালপল্লী আৰু ভদ্ৰবৰী কঠাগুডেম), গুজৰাটৰ দুখন জিলা (দাহোদ আৰু নৰ্মদা) আৰু পঞ্জাৱ(মোগা আৰু ফিৰোজপুৰ) আৰু হাৰিয়ানা (মেৱাট) আৰু হিমাচল প্ৰদেশ (চম্বা)ৰ এখনকৈ জিলাত ১০০% টেপৰ পানীৰ সংযোগ প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰে কাৰ্যকৰীকৰণৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে মিলি নিৰন্তৰভাৱে কাম অব্যাহত ৰাখিছে।

জল জীৱন মিছনৰ ফলত গ্ৰাম্য জনসাধাৰণৰ লক্ষ্যণীয় আৰ্থ-সামাজিক লাভালাভ হৈছে। নিয়মীয়াকৈ পানী যোগান ধৰাৰ ফলত মানুহে বিশেষকৈ মহিলা আৰু যুৱতীসকলে তেওঁলোকৰ দৈনন্দিন ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পানীৰ গধুৰ বাল্টিৰ বোজা কঢ়িয়াই নিয়াৰ পৰা সকাহ পাইছে, যিয়ে তেওঁলোকৰ কষ্ট লাঘৱ কৰিছে। এনেদৰে সঞ্চয় হোৱা সময় অৰ্থ উপাৰ্জনৰ বাবে কাম, নতুন দক্ষতা আহৰণ আৰু শিশুৰ শিক্ষাত সহায় কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

আঁচনিসমূহৰ দীৰ্ঘম্যাদী স্থায়িত্ব অৰ্জনৰ বাবে গ্ৰামীণ পাইপযুক্ত পানী যোগান আঁচনিসমূহৰ পৰিকল্পনা, ৰূপায়ণ, কাৰ্যকৰীকৰণ আৰু তত্বাৱধানৰ (অ’ এণ্ড এম) মূলতে আৰম্ভণিৰে পৰাই জনসাধাৰণৰ অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। দেশত ৫.২৪ লাখতকৈও অধিক গ্ৰাম্য পানী আৰু অনাময় সমিতি (ভিডব্লিউএছচি)/ পানী সমিতি গঠন কৰা হৈছে আৰু খোৱা পানীৰ উৎস বৃদ্ধি, অপৰিস্কাৰ পানী শোধন আৰু ইয়াৰ পুনৰ ব্যৱহাৰৰ পৰিকল্পনা, আৰু গাঁৱত পানী যোগান প্ৰণালীৰ নিয়মীয়া কাৰ্যকৰীকৰণ আৰু তত্বাৱধানসহ ৫.১২ লাখ ‘ভিলেজ একচন প্লেন’ (ভিএপি) প্ৰস্তুত কৰা হৈছে।

জল জীৱন মিছন আৰম্ভ কৰাৰ সময়ত ১.৭৯ কোটি জনবসতিপূৰ্ণ ২২,০১৬টা অঞ্চল (আৰ্চেনিক–১৪,০২০, ফ্লৰাইড-৭,৯৯৬)ৰ খোৱা পানীৰ উৎসত আৰ্চেনিক/ফ্লৰাইডৰ অৱস্থিতি ধৰা পৰিছিল। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিবেদন অনুসৰি, বৰ্তমান সকলো আৰ্চেনিক/ফ্লৰাইড প্ৰভাৱিত এলেকাত বিশুদ্ধ খোৱা পানী উপলব্ধ হৈছে।

সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মূলমন্ত্ৰৰ ওপৰত কাম কৰি জল জীৱন মিছনে গ্ৰামীণ অঞ্চলৰ সকলো পৰিয়াল, বিদ্যালয়, অংগনৱাড়ী আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানলৈ টেপৰ জৰিয়তে বিশুদ্ধ পানী যোগান ব্যৱস্থাৰ জৰিয়তে সকলোকে সুৰক্ষিত আৰু সুলভ পানী যোগান ধৰাৰ দিশত আগবাঢ়িছে।

লগতে পঢ়ক- যৌন নিৰ্যাতনত অভিযুক্ত শ্রীনিবাস বি ভিৰ আজি উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply