নিউজ ডেস্ক- আজি কেন্দ্রীয় মন্ত্রীসভাৰ জলশক্তি বিভাগৰ মন্ত্ৰী গজেন্দ্র সিং শেখাৱটৰ অধ্যক্ষতাত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত এক বৈঠকত জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।
তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান(গ্রাম্য)-ৰ ৰূপায়নৰ বিষয়ে উক্ত পর্যালোচনা বৈঠকত আলোচনা কৰে।
উক্ত অনুস্থানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত এই দুয়োটা আঁচনিৰে অগ্রগতিৰ এক সমীক্ষা দাঙি ধৰে। মন্ত্ৰী গজেন্দ্র সিং শেখাৱটে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান (গ্ৰাম্য) ৰূপায়ণৰ ক্ষেত্ৰত সঘনে ৰাজ্যখনলৈ আহি প্ৰদান কৰা দিকদর্শনে যথেষ্ট উপকৃত কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে জয়ন্ত মল্ল বৰুৱাই অনতিপলমে নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও উল্লেখ কৰে।