নিউজ ডেস্ক: বিগত সময়ত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালিমুখ বান্ধত বাঢ়নী পানীয়ে খহনীয়াৰ সৃষ্টি কৰি ওদালগুৰি আৰু দৰং জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। এই বান্ধটোৰ বৰ্তমান পুনৰ নিমাৰ্ণ কৰি থকাৰ কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই।

অঞ্চলবাসীক নিৰাপত্তা দিয়াৰ হেতু জলসম্পদ বিভাগে ১৬.৯৫ কোটি টকা ব্যয় সাপেক্ষে বান্ধৰ পুনৰ নিমাৰ্ণ কৰি থকা হৈছে। কামৰ বুজ লৈ মন্ত্ৰী গৰাকীয়ে সুকলমে এই সমাপণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

ইয়াৰ লগতে স্থানীয় ৰাইজৰ সৈতেও এই প্ৰকল্প সন্দৰ্ভত আলোচনা মন্ত্ৰী গৰাকীয়ে বিতং ভাৱে আলোচনা কৰে। ইতিমধ্যেই ৪০ শতাংশ কাম সম্পূৰ্ণ হোৱা এই বান্ধ নিৰ্মাণৰ কাম অতি শীঘ্ৰেই সম্পূৰ্ণ হ’ব জলসম্পদ বিভাগে জানিবলৈ দিয়ে।

উল্লেখ্যযোগ্য যে, ওদালগুৰি বিধানসভা সমষ্টিৰ ভাৰত-ভূটান সীমান্তৰ জালিমুখৰ ১৯৯৪ চনত নিৰ্মিত বান্ধটো ২০১৮ চনতেই চিঙি যোৱাৰ ফলত ওদালগুৰি, পানেৰী, কলাইগাঁও, মঙ্গলদৈ, ছিপাঝাৰ পাঁচটা সমষ্টিত বানে যোৱা তিনিবছৰে তাণ্ডৱ চলাইছিল।

এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ দিলীপ শইকীয়া, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক দিগন্ত কলিতা, বিটি আৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ দুয়োগৰাকী মুখ্য কাৰ্যবাহী অভিযন্তা সহিতে বিষয়াবৰ্গ উপস্থিত থাকে।

লগতে পঢ়ক – তিনিচুকীয়াত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply